নিউজ ডেস্ক, 23 ডিচেম্বৰ : গালৱান ভেলীত চীনৰ পিএলএৰ সৈতে হোৱা ভাৰতীয় সেনাৰ সংঘৰ্ষস্থলীৰ পৰা কিছু কিলোমিটাৰ নিলগত আইটিবিপিয়ে আৰম্ভ কৰিছে এক বৃহৎ বৃক্ষৰোপন কাৰ্যসূচী ৷ গালৱান কে বলৱান নামে নামাকৰণ কৰা এইটো অঞ্চলত ভাৰত-তিব্বত সীমান্ত আৰক্ষী বাহিনীয়ে 1000 গছপুলি ৰোপন কৰাৰ লগতে উত্তৰ লাডাখতো গছপুলি ৰোপন কৰিছে ৷ -30 ডিগ্ৰী উষ্ণতাৰ এইটো অঞ্চলে শ্বহীদৰ সোঁৱৰণত শীঘ্ৰেই লাভ কৰিব এখন বাগিছা ৷
আইটিবিপিয়ে প্ৰকাশ কৰা অনুসৰি, এইটো অঞ্চল সম্পূৰ্ণৰূপে বন্ধ্যা আছিল আৰু এইটো অঞ্চলৰ -30 ডিগ্ৰী উষ্ণতাত কোনোধৰণৰ গছ-গছনিয়ে জীয়াই থাকিব নোৱাৰে যদিও আইটিবিপিয়ে ৰোপন কৰা গছপুলিসমূহ বিশেষধৰণে চোৱাচিতা কৰি ডাঙৰ দীঘল কৰি তোলা হ'ব ৷