অসম

assam

ETV Bharat / bharat

নিৰ্বাপিত হ'ল বাংগালুৰুৰ বেল্লানদুৰ হ্ৰদৰ সমীপৰ জুই - আৱৰ্জনাৰ দ'ম

অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত বৃহস্পতিবাৰে নিৰ্বাপিত হ'ল বাংগালুৰুৰ বেল্লানদুৰ হ্ৰদৰ সমীপত সূত্ৰপাত হোৱা জুই । বুধবাৰে নিশা কোনো লোকে হ্ৰদৰ সমীপত থকা আৱৰ্জনাৰ দ'মত জুই লগাই দিছিল । হ্ৰদৰ পানীত ৰাসায়নিক পদাৰ্থ মিহলি হৈ থকা বাবে জুই নুমুওৱাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল ।

বাংগালুৰুৰ বেল্লানদুৰ হ্ৰদৰ সমীপত অগ্নিকাণ্ড
বাংগালুৰুৰ বেল্লানদুৰ হ্ৰদৰ সমীপত অগ্নিকাণ্ড

By

Published : Mar 5, 2021, 6:03 PM IST

নেশ্যনেল ডেস্ক, ৫ মাৰ্চ: অৱশেষত নিৰ্বাপিত হ'ল বাংগালুৰুৰ বেল্লানদুৰ হ্ৰদৰ সমীপত সূত্ৰপাত হোৱা জুই । অগ্নি নিৰ্বাপক বাহিনী আৰু হ্ৰদ মাৰ্শ্বালৰ প্ৰচেষ্টাত বৃহস্পতিবাৰে অগ্নি নিৰ্বাপন কৰা হয় আৰু বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰিত অৱস্থাত আছে । বৃহস্পতিবাৰে পুৱতি নিশা হ্ৰদৰ পানীতো জুই বিয়পি পৰাত আতংকিত হৈ পৰে স্থানীয় লোকসকল। হ্ৰদৰ পানীত বিষাক্ত ৰাসায়নিক পদাৰ্থৰ মিহলি হৈ থকা বাবে জুই নুমুওৱাত ব্যৰ্থ হৈছিল অগ্নি নিৰ্বাপক বাহিনী ।

বুধবাৰে নিশা প্ৰায় ১১ বজাত হ্ৰদৰ সমীপত থকা আৱৰ্জনাৰ দ'মত কোনো লোকে জুই লগাই দিছিল । নিশা প্ৰায় ১ বজাত জুই দপদপাই জ্বলি থকা প্ৰত্যক্ষ কৰিছিল একাংশ লোকে । জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা হৈছিল যদিও তেওঁলোক বিফল হৈছিল ।

বিডিএৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, সৰ্জাপুৰ অগ্নি নিৰ্বাপক বাহিনীয়ে বহু সময় ধৰি চেষ্টা কৰাৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে । ঘটনা সন্দৰ্ভত বিডিএৰ অধ্যক্ষ এছ আৰ বিশ্বনাথে কয় যে, হ্ৰদটোত ২০১৫ চনৰ মে' মাহত আৰু ২০১৮ৰ জানুৱাৰী মাহত প্ৰদূষক জমা হৈ থকা অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল ।

লগতে পঢ়ক:বায়ু প্ৰদূষণে কাশ্মীৰ উপত্যকাৰ সৌন্দৰ্য বিনষ্ট কৰাৰ আশংকা

ABOUT THE AUTHOR

...view details