অসম

assam

ETV Bharat / bharat

২০০ কিলোগ্ৰাম গাঞ্জাৰে সৈতে হাতে লোটে গ্ৰেপ্তাৰ দুজন

ত্ৰিপুৰা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ গাঞ্জা আৰু গাঞ্জা তৈয়াৰ কৰা সৰঞ্জামৰ সৈতে দুজন লোক । বিশালগড় মহকুমাৰ চেলিখালা অঞ্চলত জব্দ প্ৰায় ২০০ কিলোগ্ৰাম গাঞ্জা । বুধবাৰে ত্ৰিপুৰা আৰক্ষীৰ অভিযানত গাঞ্জাৰে সৈতে গ্ৰেপ্তাৰ মানিক ৰুদ্ৰ পল আৰু বিশ্বজিত ৰুদ্ৰ পল ।

ত্ৰিপুৰা আৰক্ষীৰ অভিযানত ২০০ কিলোগ্ৰাম গাঞ্জাৰে সৈতে হাতে লোটে গ্ৰেপ্তাৰ দুজন
ত্ৰিপুৰা আৰক্ষীৰ অভিযানত ২০০ কিলোগ্ৰাম গাঞ্জাৰে সৈতে হাতে লোটে গ্ৰেপ্তাৰ দুজন

By

Published : Feb 3, 2021, 10:28 PM IST

নেচনেল ডেস্ক,৩ ফেব্ৰুৱাৰী: বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ আধাৰত বুধবাৰে এক অভিযান চলাই আৰক্ষীয়ে ত্ৰিপুৰাত গাঞ্জা তৈয়াৰ কৰা সা-সৰঞ্জামৰ সৈতে দুজন লোকক আটক কৰিবলৈ সক্ষম হৈছে । জানিব পৰা মতে কোনো এক সূত্ৰৰ আধাৰত ত্ৰিপুৰা আৰক্ষীয়ে বিশালগড় মহকুমাৰ চেলিখালা অঞ্চলত এক অভিযান চলাই গাঞ্জা তৈয়াৰ কৰা সা-সৰঞ্জামৰ সৈতে অভিযুক্ত লোক দুজনক আটক কৰে ।

ত্ৰিপুৰা আৰক্ষীৰ অভিযানত ২০০ কিলোগ্ৰাম গাঞ্জাৰে সৈতে হাতে লোটে গ্ৰেপ্তাৰ দুজন

আৰক্ষীয়ে জানিবলৈ দিয়া মতে উক্ত অঞ্চলটোত গাঞ্জা তৈয়াৰ কৰি ডেলিভাৰীৰ বাবে সাজু কৰি থকা বুলি তথ্য লাভ কৰাৰ পাছতে আৰক্ষীয়ে পৰিকল্পনা অনুযায়ী অভিযানত নামি পৰে কেঁচা আৰু তৈয়াৰী মিলাই মিলাই প্ৰায় ২০০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় । অভিযুক্ত ব্যক্তি দুগৰাকী মানিক ৰুদ্ৰ পল আৰু বিশ্বজিত ৰুদ্ৰ পল বুলি চিনাক্ত কৰা হৈছে ।

ঘটনা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি বিশালগড় থানাৰ অ চি দেৱাশীষ দাসে কয় যে, “চেলিখালা অঞ্চলৰ জংঘলৰ ভিতৰত কিছুদিনৰ পৰা গাঞ্জা তৈয়াৰ কৰাৰ তথ্য আমি লাভ কৰিছিলো ৷ উক্ত তথ্যৰ সত্যা সত্যতা সন্দৰ্ভত নিশ্চিত হোৱাৰ পাছতে আজি অভিযান চলাই আমি প্ৰায় ২০০ কিলোগ্ৰাম গাঞ্জাৰ লগতে গাঞ্জা তৈয়াৰ কৰা সৰঞ্জাম জব্দ কৰিবলৈ সক্ষম হওঁ।”

লগতে পঢ়ক:ত্ৰিপুৰাত 120 কিলোগ্ৰাম গাঞ্জা জব্দ

ABOUT THE AUTHOR

...view details