নিউজ ডেস্ক, ১৬ এপ্ৰিল: শনিবাৰে নিশা প্ৰয়াগৰাজ আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে আততায়ীয়ে গুলীয়াই হত্যা কৰে গেংষ্টাৰৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আহমেদক (Gangster politician Atiq Ahmed shot dead) । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬২ বছৰ । আনহাতে, তেওঁৰ সৈতে ভাতৃ আশ্ৰফকো হত্যা কৰে । ঘটনাটো সংঘটিত হোৱাৰ সময়ত দুয়োকে হেণ্ডকাফ পিন্ধোৱা অৱস্থাত আছিল আৰু সংবাদ মাধ্যমৰ লোকসকলৰ প্ৰশ্নৰ উত্তৰ দি গৈ থকা অৱস্থাত কেমেৰাত ধৰা পৰিছে ।
ৰাজনীতিত আতিক:স্থানীয় ডন তথা ব্যৱসায়ী আতিক আহমেদে ১৯৮৯ চনত প্ৰথমবাৰৰ বাবে এলাহাবাদ পশ্চিম সমষ্টিৰ পৰা বিধায়ক হিচাবে নিৰ্বাচিত হয় (Atiq Ahmed MLA from Allahabad West) । তেওঁ এই সমষ্টিৰ পৰা ৰেকৰ্ডসংখ্যক একেৰাহে পাঁচবাৰ বিধায়ক নিৰ্বাচিত হয় । ইয়াৰ পিচত ফুলপুৰ সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ এই আসনখন খালী কৰে ।
গেংষ্টাৰ আতিক:উল্লেখ্য, ২০১৩ চনৰ আইএএনএছৰ এক প্ৰতিবেদনত (2013 IANS report) আৰক্ষীৰ তথ্য উদ্ধৃত কৰি কোৱা হৈছে যে আতিক হৈছে উত্তৰ প্ৰদেশত 'গেংষ্টাৰ আইন'ৰ অধীনত গোচৰ ৰুজু কৰা প্ৰথমজন ব্যক্তি (UP Gangster Act accused Atiq Ahmed) ।প্ৰতিবেদন অনুসৰি, আহমেদৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে ১৯৭৯ চনত হত্যাৰ অভিযোগ উত্থাপিত হৈছিল । আনহাতে, মৃত্যুৰ সময়লৈকে তেওঁৰ বিৰুদ্ধে 100-ৰো অধিক অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছিল । আটাইতকৈ শেহতীয়াটো আছিল ফেব্ৰুৱাৰী, 2023-ত উমেশ পালৰ হত্যাকাণ্ডৰ সন্দৰ্ভত পঞ্জীয়ন কৰা গোচৰটো (Umesh Pal murder case accused Atiq Ahmed) । উমেশ পাল আছিল 2005 চনৰ ৰাজু পাল হত্যাকাণ্ডৰ সাক্ষী । ২৮ মাৰ্চত উত্তৰ প্ৰদেশৰ এখন আদালতে তেওঁক ২০০৭ চনৰ এটা গোচৰত আজীৱন কাৰাদণ্ড ৰায় দিছিল । উক্ত গোচৰত উমেশ পালে ৰাজু পাল হত্যাকাণ্ডৰ গোচৰত আদালতত তেওঁৰ বক্তব্য সলনি কৰিবলৈ তেওঁক অপহৰণ আৰু অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল ।
গুণ্ডাৰ পৰা বিধায়ক/সাংসদ :আতিক আহমেদে ১৯৮৯ চনৰ বিধানসভা নিৰ্বাচনত এলাহাবাদ পশ্চিম সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হয় । তেওঁ সমাজবাদী পাৰ্টীৰ টিকটত ১৯৯৬ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল । তাৰ পিচত ২০০২ চনত তেওঁ আপনা দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি সমষ্টিটো নিজৰ দখলত ৰাখে । তেওঁ ১৯৯৯ চনৰ পৰা ২০০৩ চনলৈ আপনা দলৰ সভাপতি আছিল । এলাহাবাদ পশ্চিম সমষ্টি দীৰ্ঘদিন ধৰি তেওঁৰ পৰিয়ালৰ দুৰ্গ হৈ আছিল ।
2004 চনত আতিকে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিধানসভা আসনখন এৰি দিয়ে । সমাজবাদী পাৰ্টীৰ টিকটত তেওঁ ফুলপুৰৰ পৰা চতুৰ্দশ লোকসভালৈ নিৰ্বাচিত হয় । উল্লেখ্য, এই ফুলপুৰ আসনখনৰ পৰায়ে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে তিনিবাৰ সাধাৰণ নিৰ্বাচনত জয়ী হৈছিল । ইয়াৰ পিচত তেওঁ এই আসনখন খালী কৰাত ২০০৪ চনত উপ-নিৰ্বাচন অনুষ্ঠিত হয় । এই উপ-নিৰ্বাচনত তেওঁৰ ভাতৃ খালিদ আজিম ওৰফে আশ্ৰফে বিএছপিৰ ৰাজু পালৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় । কিন্তু অপ্ৰত্যাশিতভাৱে আশ্ৰফ ৰাজ পালৰ হাতত পৰাস্ত হ'বলগা হয় ।