অসম

assam

By

Published : Jul 30, 2023, 2:06 PM IST

ETV Bharat / bharat

Gangster Shot Dead in Canada : কানাডাত গেংষ্টাৰ ৰবীন্দৰ সমৰাক গুলীয়াই হত্যা

কানাডাত পাঞ্জাবী মূলৰ গেংষ্টাৰ ৰবীন্দৰ সমৰাক গুলীয়াই হত্যা ৷ ৰাষ্ট্ৰসংঘই গেংষ্টাৰ ঘোষণা কৰা ৰবিন্দৰ সমৰাক ৰিচমণ্ডত হত্যা কৰা হৈছে ৷

Gangster Ravinder Samra Shot Dead in Canada
গেংষ্টাৰ ৰবীন্দৰ সমৰাক গুলীয়াই হত্যা

নিউজ ডেস্ক, 30 জুলাই : শেহতীয়াকৈ কানাডাত এজন পাঞ্জাবী গেংষ্টাৰক হত্যাৰ খবৰ পোহৰলৈ আহিছে ৷ কানাডাত গেংষ্টাৰ ৰবীন্দৰ সমৰাক গুলীয়াই হত্যা কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ ৰাষ্ট্ৰসংঘই গেংষ্টাৰ ঘোষণা কৰা ৰবিন্দৰ সমৰাক ৰিচমণ্ডত হত্যা কৰা হৈছে ৷ ইয়াৰ দুমাহ পূৰ্বে তেওঁৰ ভাতৃকো হত্যা কৰা হৈছিল ৷ কানাডাৰ শীৰ্ষ ১০ গেংষ্টাৰৰ ভিতৰত অন্যতম আছিল অমৰপ্ৰীত সমৰা ৷ তথ্য অনুসৰি এই ঘটনাৰ ব্ৰাদাৰ্ছ কীপাৰ গ্ৰুপে সংঘটিত কৰিছে ৷

তথ্য অনুসৰি সন্ধিয়া প্ৰায় ৬.৪৫ বজাত ব্লক মিনলাৰ ৰোডত ৩৬ বছৰীয়া ৰবীন্দৰ সমৰাক গুলীয়াই হত্যা কৰা হয় ৷ ইণ্টিগ্ৰেটেড হোমিচাইড ইনভেষ্টিগেশ্যন টিমৰ বিষয়া সুখী ধেচিয়ে কয় যে সমৰাৰ হত্যাকাণ্ড ব্ৰিটিছ কলম্বিয়াত হোৱা গেং ৱাৰৰ ফল ৷ প্ৰত্যক্ষদৰ্শীৰ মতে তেওঁলোকে চাৰিৰ পৰা পাঁচটা বিস্ফোৰণ আৰু তাৰ পিছত মেচিনগানৰ গুলীৰ শব্দ শুনিছিল ৷

৩৬ বছৰীয়া ৰবীন্দৰ সমৰা কানাডাৰ শীৰ্ষ ১১ গেংষ্টাৰৰ ভিতৰত অন্যতম আৰু মৃত গেংষ্টাৰ অমৰপ্ৰীত সমৰাৰ ভাতৃ ৷ ২৮ মে’ত অমৰপ্ৰীতকো গুলীয়াই হত্যা কৰা হৈছিল ৷ আই এইচ আই টিৰ মুখপাত্ৰ চি পি এল সুখী ধেশীয়ে এক বিবৃতিত কয় যে, আৰক্ষীয়ে সমৰাৰ বিষয়ে জানিছিল আৰু ৰবীন্দৰ সমৰাৰ হত্যাকাণ্ডও টাৰ্গেট কিলিং আছিল । এই ঘটনাৰ তদন্তৰ বাবে এতিয়া আৰক্ষীয়ে ডেচকেম বা চিচিটিভিৰ ফুটেজত ধৰা পৰা প্ৰত্যক্ষদৰ্শীক জেৰা কৰি আছে ৷

উল্লেখ্য যে দুমাহ পূৰ্বে ৰবীন্দৰ সমৰাৰ ভাতৃ অমৰপ্ৰীত সমৰাকো গুলীয়াই হত্যা কৰা হৈছিল ৷ দৰাচলতে দুমাহ পূৰ্বে কানাডা আৰক্ষীৰ আটাইতকৈ হিংসুক গেংষ্টাৰৰ তালিকাত অন্তৰ্ভুক্ত হোৱা পঞ্জাৱ মূলৰ ২৮ বছৰীয়া অমৰপ্ৰীতক অচিনাকি ব্যক্তিয়ে ভেংকুৱাৰ চহৰৰ এখন বিবাহ স্থানত গুলীয়াই হত্যা কৰিছিল ৷ স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ২০২৩ চনৰ ২৮ মে’ত নিশা ১.৩০ বজাত প্ৰজাৰ ষ্ট্ৰীটত অমৰপ্ৰীত (চক্কি) সমৰাক গুলীয়াই হত্যা কৰা হৈছিল ৷

লগতে পঢ়ক :Delhi High Court : মাৰ পিটৰ গোচৰত শাস্তি হিচাবে 200 গছপুলি ৰোপনৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

ABOUT THE AUTHOR

...view details