নেশ্যনেল ডেস্ক,১৫ জুন :সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ অভিযুক্ত লৰেঞ্চ বিষ্ণৈক ৭ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ (Lawrence Bishnoi remanded to police custody)। মানচা আদালতে বুধবাৰে লৰেঞ্চ বিষ্ণৈইক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে । লগে লগে পাঞ্জাৱ আৰক্ষীয়ে বিষ্ণৈক মোহালীৰ খাৰাদ চিআইএ ষ্টাফ কাৰ্যালয়লৈ লৈ যায় (Gangster Bishnoi was brought to Mohali CIA staff office)। বিষ্ণৈক ইয়াতে জেৰা চলোৱা হ'ব ।
লৰেঞ্চ বিষ্ণৈক চিআইএ ষ্টাফ কাৰ্যালয়ত চিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ গোচৰত এণ্টি-গেংষ্টাৰ দলে জেৰা চলাব (Lawrence Bishnoi to be interrogated at CIA staff office)। পাঞ্জাৱ আৰক্ষীৰ চাৰিটা দলে এই তদন্ত কৰিব । তেওঁলোকৰ ভিতৰত এডিজিপি ইণ্টেলিজেঞ্চৰ এটা দল আছে, যিয়ে চিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ গোচৰত লৰেঞ্চ বিষ্ণৈক জেৰা কৰিব । দ্বিতীয়টো টাস্ক ফ'ৰ্চৰ মুৰব্বীৰ নেতৃত্বত এটা এণ্টি-গেংষ্টাৰ দল আৰু তৃতীয় দলটো বাটিণ্ডাৰ আইজি ৰেঞ্জৰ নেতৃত্বত গঠন কৰা হৈছে ।