অসম

assam

ETV Bharat / bharat

ফেৰী মাটিৰ পৰা পিচলি হাহাকাৰ পৰিস্থিতি তীৰ্থযাত্ৰীৰ মাজত, 140 তীৰ্থযাত্ৰীক উদ্ধাৰ - হাহাকাৰ পৰিস্থিতি তীৰ্থযাত্ৰীৰ মাজত

ফেৰী মাটিৰ পৰা পিচলি যোৱাৰ পিচতে তীৰ্থযাত্ৰীসকলৰ মাজত হাহাকাৰ ৷ কাকদ্বীপ অঞ্চলৰ নামখানাত 400 তীৰ্থযাত্ৰী কঢ়িওৱা এখন ফেৰী মাটিৰ পৰা পিচলি যায় ৷ ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ উদ্যোগত উদ্ধাৰ অভিযান আৰম্ভ ৷ বৰ্তমান পৰ্যন্ত 140 গৰাকী তীৰ্থযাত্ৰীক উদ্ধাৰ ৷

Gangasagar Mela: Indian Coast Guard rescues 140 pilgrims as ferry boat with 400 runs aground
হাহাকাৰ পৰিস্থিতি তীৰ্থযাত্ৰীৰ মাজত

By ANI

Published : Jan 16, 2024, 1:24 PM IST

নেশ্যনেল ডেস্ক, 16 জানুৱাৰী:পশ্চিমবংগৰ গংগাসাগৰ তীৰ্থযাত্ৰাৰ সমীপৰ কাকদ্বীপ অঞ্চলত মঙলবাৰে সংঘটিত হয় ভয়ংকৰ ঘটনা ৷ কাকদ্বীপ অঞ্চলৰ নামখানাত 400 তীৰ্থযাত্ৰী কঢ়িওৱা এখন ফেৰী মাটিৰ পৰা পিচলি যায় ৷ ইয়াৰ পিছত মঙলবাৰে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে এক বৃহৎ উদ্ধাৰ অভিযান আৰম্ভ কৰে ।

ক'ষ্ট গাৰ্ডে হালদিয়াৰ পৰা হোভাৰক্ৰাফ্ট নিয়োগ কৰিছিল আৰু এতিয়ালৈকে প্ৰায় 140 গৰাকী তীৰ্থযাত্ৰীক উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ এক আনুষ্ঠানিক বিবৃতিযোগে উপকূলৰক্ষী বাহিনীয়ে কয়, " মকৰ সংক্ৰান্তি উপলক্ষে পবিত্ৰ কৰি লৈ গংগাসাগৰৰ পৰা উভতি আহিছিল তীৰ্থযাত্ৰীসকল । তেওঁলোকৰ নাওখন দুৰ্বল দৃশ্যমানতা তথা কুঁৱলীৰ বাবে মাটিত পৰি যায় ।"

"মকৰ সংক্ৰান্তি উপলক্ষে গংগাসাগৰ মেলাৰ সময়ত পশ্চিমবংগৰ সাগৰদ্বীপত ভক্তসকলে ভিৰ কৰিছিল পবিত্ৰ স্নানৰ বাবে । এই দিনটোত উৎসৱমুখৰ পৰিৱেশ বৃদ্ধি হয় ৷ লগতে, সমাৱেশৰ সাংস্কৃতিক আৰু ধৰ্মীয় গুৰুত্ব বৃদ্ধি কৰে ।"

উল্লেখ্য যে, বংগ উপকূলৰ ঠিক ওচৰতে অৱস্থিত সাগৰদ্বীপৰ ব্যতিক্ৰমী সৌন্দৰ্য আৰু ধৰ্মীয় তাৎপৰ্য আছে । গংগা নদী আৰু বংগ উপসাগৰৰ সংগমে এই স্থানত এক অনন্য আধ্যাত্মিক মনোমোহতা প্ৰদান কৰে । কুম্ভ মেলাৰ পিছত দ্বিতীয় বৃহত্তম মেলা গংগাসাগৰ মেলা মকৰ সংক্ৰান্তিৰ পুণ্য দিনটোত আৰম্ভ হয়, যিটো সাধাৰণতে 14 অথবা 15 জানুৱাৰীত অনুষ্ঠিত হয় আৰু প্ৰতি বছৰে আৰু 17 জানুৱাৰীত সমাপ্ত হয় এই অনুষ্ঠানৰ ।

দেশৰ অন্যতম পুৰণি আৰু আগশাৰীৰ তীৰ্থস্থানখনত অনুষ্ঠিত হোৱা বাৰ্ষিক মেলাখনে প্ৰতি বছৰে ভক্তক আকৰ্ষণ কৰে ৷ গংগাৰ পবিত্ৰ জলভাগত সকলোৱে গংগাস্নান কৰে ৷

লগতে পঢ়ক:৭ দিনীয়া ৰীতি-নীতিৰে আৰম্ভ হৈছে অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেক

ABOUT THE AUTHOR

...view details