নিউজ ডেস্ক, 13 ডিচেম্বৰ : তাহানিতে ছমাহ বা বছৰদিনৰ বাবে সাউদে ডিঙা মেলি বেহা-বেপাৰলৈ ওলাই যোৱাৰ দৰেই এটা ঘটনা ৷ অৱশ্যে এইবাৰ সাউদৰ পালতৰা ডিঙা নহয় ৷ গংগাৰ বুকুত ঢৌ কোবাই কোবাই বিশালকায় এখন বিলাসী জাহাজ আহিব অসম মুলুকৰ ডিব্ৰুগড়লৈ ৷ ঠিক যেন সেই তাহানিৰ সাউদৰ ডিঙাখনৰ দৰেই !
এখন অত্যাধুনিক বিলাসী জাহাজ৷ জাহাজখনৰ ভিতৰত নাই কি ? ৰেষ্টুৰেণ্ট, স্পাৰ পৰা ছানডেকলৈকে৷ ভাৰতত নিৰ্মিত গংগা বিলাস নামৰ এই জাহাজখনে ৰচনা কৰিবলৈ গৈ আছে এক ইতিহাস৷ গংগা বিলাসে বিশ্বৰ ইতিহাসত খোদিত কৰিব সৰ্বাধিক দৈৰ্ঘৰ নদী যাত্ৰা৷ অতিক্ৰম কৰিব আটাইতকৈ দীঘল নদীপথ ৷ উত্তৰ প্ৰদেশৰ পবিত্ৰ চহৰ বাৰাণসীৰ পৰা 10 জানুৱাৰীত যাত্ৰা আৰম্ভ কৰিবলগীয়া গংগা বিলাস বাংলাদেশ হৈ উপস্থিত হ’ব আমাৰ ডিব্ৰুগড়ত ৷ সেই তাৰিখটো হ’ব 2023 চনৰ 1 মাৰ্চ ৷ বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী যাত্ৰাৰ সাক্ষী হ’ব সমগ্ৰ ভাৰতবাসীৰ লগতে অসমো(Longest luxury river cruise)৷
গংগা বিলাসৰ এই যাত্ৰা কাল হ’ব ৫০ দিনীয়া (Ganga Vilas Cruise)৷ দেশৰ ২৭ খন নদীক সামৰি হ’বলগীয়া এই ঐতিহাসিক যাত্ৰাই চুই যাব দেশৰ ৫০ তকৈও অধিক পৰ্যটন ক্ষেত্ৰ ৷ ভাৰত আৰু বাংলাদেশ দুয়োখন দেশক স্পৰ্শ কৰিব এই যাত্ৰাই৷ য’তেই গংগা বিলাসে জিৰণি ল’ব, তাতেই প্ৰদৰ্শন কৰা হ’ব কাষৰীয়া অঞ্চলৰ কৃষ্টি-সংস্কৃতি৷