অসম

assam

ETV Bharat / bharat

Ganga Vilas Cruise: গংগাৰ বুকুত ঢৌ কোবাই লুইতৰ দিশে বিলাসী গংগা বিলাস - লুইতৰ দিশে বিলাসী ৰিভাৰ ক্ৰুজ গংগা বিলাস

সাউদৰ ডিঙাখনৰ দৰেই গংগাৰ বুকুত ঢৌ কোবাই কোবাই লুইতৰ দিশে বিলাসী ৰিভাৰ ক্ৰুজ গংগা বিলাস ৷ আগন্তুক পাঁচ বছৰলৈ 60 শতাংশ টিকট বুকিং বিলাসী ৰিভাৰ ক্ৰুজখনৰ ৷ বুকিং কৰাসকলৰ বেছিভাগেই ন‘ৰৱে, জাৰ্মানী আৰু ইউৰোপীয় দেশৰ নাগৰিক(World's longest river cruise Ganga Vilas) ।

Ganga Vilas Cruise
গংগাৰ বুকুত ঢৌ কোবাই লুইতৰ দিশে বিলাসী ৰিভাৰ ক্ৰুজ গংগা বিলাস

By

Published : Jan 14, 2023, 10:41 PM IST

গংগাৰ বুকুত ঢৌ কোবাই লুইতৰ দিশে বিলাসী ৰিভাৰ ক্ৰুজ গংগা বিলাস

নিউজ ডেস্ক, 14 জানুৱাৰী:তাহানিৰ সাউদৰ ডিঙাখনৰ দৰেই গংগাৰ বুকুত ঢৌ কোবাই কোবাই অসম মুলুকৰ ডিব্ৰুগড় অভিমুখে ৰাওনা হোৱা বিশালকায় বিলাসী জাহাজ গংগা বিলাসৰ আগন্তুক পাঁচ বছৰলৈ 60 শতাংশ টিকট বুকিং সম্পূৰ্ণ হৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ জানুৱাৰীত বাৰাণসীত বিশ্বৰ সৰ্বাধিক দীঘলীয়া নদী ক্ৰুজ সেৱা গংগা বিলাস উদ্বোধন কৰে(World's longest river cruise Ganga Vilas) । বাৰাণসীৰ পৰা আহি গংগা বিলাস ক্ৰুজখনে শনিবাৰে পুৱা 11 বজাত গাজীপুৰৰ ৰাজাগঞ্জ জেটিত উপস্থিত হয় ।

ৰাজাগঞ্জত জিলা দণ্ডাধীশ আৰ্যকা আখৌৰী, মুখ্য উন্নয়ন বিষয়া শ্ৰীপ্ৰকাশ গুপ্তা, এডিএম অৰুণ কুমাৰে ক্ৰুজত থকা পৰ্যটকসকলক শুভেচ্ছা জনায় । ইয়াত পৰ্যটকসকলৰ মনোৰঞ্জনৰ বাবে এক আকৰ্ষণীয় অনুষ্ঠানৰো আয়োজন কৰা হয় ৷ অত্যাধুনিক সা-সুবিধাৰে সুসজ্জিত এই ক্ৰুজখনৰ দ্বাৰা বিদেশী পৰ্যটকসকল যথেষ্ঠ প্ৰভাৱিত হৈছে । বিশেষকৈ ইউৰোপীয় দেশসমূহৰ লোকসকলৰ মাজত গংগা বিলাস ক্ৰুজ মুকলিৰ পূৰ্বেই জনপ্ৰিয় হৈ পৰিছে ।

গংগাৰ বুকুত ঢৌ কোবাই লুইতৰ দিশে বিলাসী ৰিভাৰ ক্ৰুজ গংগা বিলাস

ক্ৰুজৰ কাৰ্যকৰী সঞ্চালক ৰাজ সিঙে সদৰী কৰা মতে, এই ক্ৰুজখনত ভ্ৰমণৰ বাবে বিদেশী পৰ্যটকসকলে আগতীয়া বুকিং কৰিছে ৷ ইউৰোপীয় পৰ্যটকসকলে পৰৱৰ্তী পাঁচ বছৰৰ বাবে বুকিং কৰি আছে । এতিয়ালৈকে, আগন্তুক পাঁচ বছৰৰ বাবে জাহাজখনৰ 60 শতাংশ টিকট বুক হৈছে । ৰাজ সিঙে আৰু কয় য়ে, ক্ৰুজৰ সৈতে সম্পৰ্কিত বিষয়ে জানিবলৈ ক্ৰুজ মেনেজমেণ্টৰ ওচৰত বিদেশী পৰ্যটকসকলে ধাৰাবাহিকভাৱে যোগাযোগ অব্যাহত ৰাখিছে ৷

আনহাতে আগতীয়া বুকিং সন্দৰ্ভত ৰাজ সিঙে কয় যে, গংগা বিলাসৰ ভিতৰভাগ বিদেশী পৰ্যটকে যথেষ্ট পছন্দ কৰিছে ৷ ফলস্বৰূপে, পৰৱৰ্তী 5 বছৰৰ বাবে প্ৰায় 60 শতাংশ বুক কৰা হৈছে । বুকিং কৰাসকলৰ বেছিভাগেই ন‘ৰৱে, জাৰ্মানী আৰু ইউৰোপীয় দেশৰ নাগৰিক । তেওঁ কয় যে, এইটো আমাৰ বাবে এক ডাঙৰ সুযোগ, কিয়নো আৰম্ভ কৰাৰ আগতেই আমি বৃহৎ সংখ্যৰ সহাঁৰি লাভ কৰিবলৈ সক্ষম হৈছো ৷ ৰাজ সিঙে আশা কৰে যে ক্ৰুজখন মুকলি কৰাৰ পিছত ইয়াৰ জনপ্ৰিয়তা আৰু অধিক বৃদ্ধি পাব ৷

গংগাৰ বুকুত ঢৌ কোবাই লুইতৰ দিশে বিলাসী ৰিভাৰ ক্ৰুজ গংগা বিলাস

এম ভি গংগা বিলাসে অসমৰ পৰ্যটন ক্ষেত্ৰলৈও আশাৰ বতৰা কঢ়িয়াই আনিছে ৷ বাৰাণসী আৰু ডিব্ৰুগড়ৰ মাজত চলিবলগীয়া বিলাসী ৰিভাৰ ক্ৰুজখন তান্ত্ৰিক লোকাচাৰৰ বাবে বিখ্যাত অসমৰ মায়ঙৰ পৰা বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীলৈ, সুন্দৰবনৰ পৰা কাজিৰঙা অভয়াৰণ্যলৈ এক ৰোমাঞ্চকৰ যাত্ৰা কৰিব(Longest luxury river cruise) । গংগা বিলাসৰ জৰিয়তে ভাৰতৰ লগতে অসমৰ নদী ক্ৰুজ পৰ্যটনৰ নতুন যুগৰ সূচনা হ’ব বুলি আশা কৰে ।

লগতে পঢ়ক:Ganga Vilas Cruise : নতুন বছৰৰ আৰম্ভণিতে গংগা বিলাসে ৰচনা কৰিব ইতিহাস

ABOUT THE AUTHOR

...view details