আগৰতলা, ২৪ অক্টোবৰ:ত্ৰিপুৰাত এগৰাকী ১৬ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে (Gang rape in Tripuras Unakoti district) ।ত্ৰিপুৰাৰ উনাকোটি জিলাত এই ঘটনাটো সংঘটিত হোৱা বুলি আৰক্ষীয়ে সদৰি কৰিছে । ইপিনে, উক্ত ঘটনাটোত ত্ৰিপুৰা চৰকাৰৰ এজন ৰাজ্যিক মন্ত্ৰীৰ পুত্ৰও জড়িত থকা বুলি অভিযোগ উত্থাপিত হৈছে ।
বিৰোধী কংগ্ৰেছ (Tripura congress allegation against ministers son) আৰু চিপিআইয়ে(এম) (Tripura CPIM allegation against ministers son) এই অভিযোগ তুলি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে । আনহাতে, বিজেপিয়ে কংগ্ৰেছ আৰু চিপিআইয়ে(এম) উত্থাপন কৰা অভিযোগটো খাৰিজ কৰিছে । উল্লেখ্য় যে কিশোৰীগৰাকীক তিনিমহলীয়া অট্টালিকাত দলবদ্ধ ধৰ্ষণ কৰা হৈছিল বুলি অভিযোগ উঠিছে ।
যোবা ১৯ অক্টোবৰত কুমাৰঘাটত এই সন্দৰ্ভত ৰুজু কৰা এজাহাৰৰ ভিত্তিত এগৰাকী মহিলাসহ তিনিগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল । কুমাৰঘাটৰ উপ-বিভাগীয় আৰক্ষী বিষয়া (Sub Divisional Police Officer Kumarghat) বিপ্লব দেব বৰ্মাই কয় যে এই ঘটনাত আৰু কেইবাজনো লোক জড়িত হৈ আছে । কিশোৰীগৰাকীৰ মাতৃয়ে অভিযোগ কৰি কয় যে এই ঘটনাত এগৰাকী মহিলা জড়িত আছে । চুবুৰীয়াই কিশোৰীগৰাকীক কুমাৰঘাটৰ অট্টালিকালৈ লৈ গৈছিল, য'ত তেওঁক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল ।