অসম

assam

Delhi University : স্নাতকৰ ৩ বছৰীয়া পাঠ্যক্ৰমত নাথাকিব মহাত্মা গান্ধীৰ বিষয়

By

Published : May 28, 2023, 6:27 PM IST

বীৰ সাভাৰকাৰৰ বিষয় দিল্লী বিশ্ববিদ্যালয়ৰ তিনি বছৰীয়া BA পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ'ব (Veer Savarkar displaces Gandhi in DU)। এতিয়াৰে পৰা মহাত্মা গান্ধীৰ বিষয়ে পঢ়িব নোৱাৰিব শিক্ষাৰ্থীসকলে । অৱশ্যে ৪ বছৰীয়া পাঠ্যক্ৰমত থাকিব গান্ধীৰ বিষয় ।

Delhi University
স্নাতকৰ ৩ বছৰীয়া পাঠ্যক্ৰমত নাথাকিব মহাত্মা গান্ধীৰ বিষয়

নেশ্যনেল ডেস্ক,২৮ মে':দিল্লী বিশ্ববিদ্যালয়ৰ তিনি বছৰীয়া কলা শাখাৰ স্নাতক পাঠ্যক্ৰমৰ অংশ নহ'ব মহাত্মা গান্ধী (Gandhi missing from DU 3 year BA course)। পাঠ্যক্ৰমৰ পৰা গান্ধীৰ বিষয় বাদ দিয়া হৈছে । তাৰ সলনি এতিয়াৰে পৰা শিক্ষাৰ্থীক বীৰ সাভাৰকাৰৰ বিষয়ে শিকোৱা হ'ব । দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা শিক্ষাৰ্থীসকলক এতিয়াৰে পৰা বীৰ সাভাৰকাৰৰ বিষয়ক পাঠ প্ৰদান কৰা হ’ব ৷

এই কথা নিশ্চিত কৰি দিল্লী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ অধ্যক্ষ তথা অধ্যাপক সংগীত কুমাৰ ৰাগীয়ে কয় যে এই প্ৰস্তাৱটো শৈক্ষিক পৰিষদৰ বৈঠকত গৃহীত হৈছে ।

বিশ্ববিদ্যালয়ৰ যুটীয়া সম্পাদক তথা একাডেমিক কাউন্সিলৰ সদস্য আলোক পাণ্ডেয়ে কয় যে ৰাজনীতি বিজ্ঞানৰ স্নাতক অধ্যয়ন কৰা শিক্ষাৰ্থীসকলে পঞ্চম ষান্মাষিকৰ পৰা বীৰ সাভাৰকাৰৰ বিষয়ে অধ্যয়ন কৰিবলৈ পাব (Veer Savarkar will be taught in BA course)। বিশ্ববিদ্যালয়ৰ আন শিক্ষকসকলে কয় যে পূৰ্বে গান্ধীৰ বিষয়ে পঞ্চম ষান্মাষিকৰ পাঠ্যক্ৰমত আছিল, কিন্তু এতিয়া সেই স্থানত বীৰ সাভাৰকাৰৰ পাঠ শিকোৱা হ'ব । গান্ধীৰ বিষয়ে সপ্তম ষান্মাষিকত শিকোৱা হ'ব ।

দিল্লী বিশ্ববিদ্যালয়ে শিক্ষাৰ্থীসকলক স্নাতক বৰ্ষৰ বাবে ৩ বছৰ আৰু ৪ বছৰীয়া পাঠ্যক্ৰম বাছনি কৰাৰ সুযোগ প্ৰদান কৰিছে । যদি শিক্ষাৰ্থীসকলে তিনি বছৰীয়া স্নাতক পাঠ্যক্ৰম বাছনি কৰে তেওঁলোকে গান্ধীৰ বিষয়ে পঢ়িব নোৱাৰিব । তেওঁলোকে বীৰ সাভাৰকাৰৰ বিষয়ে পঢ়িবলৈ পাব । একে সময়তে, যদি শিক্ষাৰ্থীসকলে ৪ বছৰীয়া স্নাতক পাঠ্যক্ৰম বাছনি কৰে তেওঁলোকে গান্ধীৰ বিষয়ে পঢ়িবলৈ পাব (DU 4 years BA course)।

আলোক পাণ্ডেয়ে লগতে কয় যে শৈক্ষিক পৰিষদৰ বৈঠকত বীৰ সাভাৰকাৰৰ বিষয়ক লৈ বিৰোধিতা কৰা হৈছিল । শিক্ষকৰ এটা অংশই কয় যে বীৰ সাভাৰকাৰক গান্ধীৰ সৈতে তুলনা কৰাটো সঠিক নহয় । অৱশ্যে, এই সন্দৰ্ভত বিশ্ববিদ্যালয়ে জাৰি কৰা শৈক্ষিক পৰিষদৰ বিবৃতিত এই কথা উল্লেখ কৰা হোৱা নাই । বিশ্ববিদ্যালয়ে জাৰি কৰা বিবৃতিত, ভীম ৰাও আম্বেদকাৰক যিমান সম্ভৱ শিকোৱাৰ ওপৰত গুৰুত্ব দিয়া হৈছে । বীৰ সাভাৰকাৰৰ বিষয়ে শিকোৱাৰ চূড়ান্ত সিদ্ধান্ত কাৰ্যবাহী পৰিষদৰ বৈঠকত লোৱা হ'ব । এই বৈঠকখন জুনৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :Old Parliament House: বহু ঘটনাৰ স্মৃতি বুকুত সাৱটি অতীত হৈ ৰ’ব পুৰণি সংসদভৱন

ABOUT THE AUTHOR

...view details