অসম

assam

ETV Bharat / bharat

গান্ধী পৰিয়ালে মোক আৰু খাৰ্গেক আশীৰ্বাদ কৰিছে : শশী থাৰুৰ

কংগ্ৰেছৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী শশী থাৰুৰে (Congress prez poll candidate Shashi Tharoor) খাৰ্গেৰ সৈতে চলি থকা নিৰ্বাচনী যুঁজখন এজন আনুষ্ঠানিক প্ৰাৰ্থী (খাৰ্গে) আৰু আনজন অনানুষ্ঠানিক (নিজে) প্ৰাৰ্থীৰ মাজত হোৱা বুলি কিছু নেতাৰ দাবীক নাকচ কৰিছে ।

Sashi Tharoor
Sashi Tharoor

By

Published : Oct 10, 2022, 10:26 AM IST

নিউজ ডেস্ক, ১০ অক্টোবৰ :কংগ্ৰেছৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী শশী থাৰুৰে (Congress prez poll candidate Shashi Tharoor) দেওবাৰে কয় যে গান্ধী পৰিয়ালে তেওঁক আৰু তেওঁৰ প্ৰতিদ্বন্দী মল্লিকাৰ্জুন খাৰ্গেক (Mallikarjun Kharge) আশীৰ্বাদ দিছে আৰু তেওঁলোকৰ দুয়োৰে প্ৰতি কোনো পক্ষপাতিত্ব নাই । মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ (Maharashtra Pradesh Congress Committee) কাৰ্যালয়ত দলীয় কৰ্মকৰ্তাসকলক সাক্ষাৎ কৰাৰ পিছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি প্ৰাক্তন কূটনীতিবিদজনে লগতে কয় যে তেওঁৰ লক্ষ্য হৈছে ২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰাটো (2024 Lok Sabha polls) ।

"গান্ধী পৰিয়ালে (Gandhi family) মোক আৰু খাৰ্গেজীক আশীৰ্বাদ দিছে । কিয়নো আমি দলটোক শক্তিশালী কৰাৰ বাবে প্ৰতিদ্বন্দিতা কৰি আছোঁ ।" তেওঁ কয় । থাৰুৰে খাৰ্গেৰ সৈতে চলি থকা নিৰ্বাচনী যুঁজ এজন আনুষ্ঠানিক প্ৰাৰ্থী (খাৰ্গে) আৰু আনজন অনানুষ্ঠানিক (নিজে) প্ৰাৰ্থীৰ মাজত হোৱা যুঁজ বুলি কিছু নেতাৰ দাবীৰ অনুমানক নাকচ কৰে । তেওঁ কয়, "গান্ধী পৰিয়ালৰ সৈতে হোৱা মোৰ বাৰ্তালাপে মোক নিশ্চিত কৰিছে যে মোৰ বা খাৰ্গেৰ প্ৰতি তেওঁলোকৰ পৰা কোনো পক্ষপাতিত্ব নাই ।"

থাৰুৰে লগতে কয়, বিজেপিয়ে (BJP) বিৰোধী দলৰ অংশ হোৱাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব লাগে । কিয়নো তেওঁলোকে ২০২৪ চনৰ নিৰ্বাচনৰ পিছত বিৰোধীৰ আসনত বহিব লাগিব । থাৰুৰে কয়, "আমাৰ দলটোক পৰিৱৰ্তনৰ প্ৰয়োজন আৰু মই অনুভৱ কৰোঁ যে মইহে পৰিৱৰ্তনৰ অনুঘটক হ'ম ।" তেওঁ কয় যে কংগ্ৰেছে দেশখন ভালদৰে চলাইছে আৰু দলত অভিজ্ঞ লোকসকল আছে ।

মুম্বাইত কংগ্ৰেছৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত প্ৰতিনিধি প্ৰচাৰ অনুষ্ঠানৰ সময়ত তেওঁ লগতে কয়, "আমি ভোটাৰসকলৰ বিশ্বাস জয় কৰিব লাগিব ।" উল্লেখ্য, উক্ত অনুষ্ঠানত কংগ্ৰেছৰ মহাৰাষ্ট্ৰ প্ৰদেশৰ মুৰব্বী নানা পাটোলে উপস্থিত নাছিল । "পাটোলেজীৰ সৈতে মোৰ কথা হৈছিল আৰু তেওঁ মোক তেওঁৰ পূৰ্বৰ প্ৰতিশ্ৰুতিৰ বিষয়ে অৱগত কৰিছিল । মই একেবাৰে অভিযোগ কৰা নাই ।" পাটোলৰ অনুপস্থিতিৰ বিষয়ে সোধাত থাৰুৰে এনেদৰে কয় ।

উল্লেখ্য, অখিল ভাৰতীয় পেছাদাৰী কংগ্ৰেছৰ (All India Professional Congress) সদস্যসকলে তিলক ভৱনত থাৰুৰক শুভেচ্ছা জনায় । লোকসভাৰ প্ৰাক্তন সাংসদ প্ৰিয়া দত্ত আৰু ৰাজ্যসভাৰ (Rajya Sabha) প্ৰাক্তন সাংসদ ভলচন্দ্ৰ মুংগেকাৰো তাত উপস্থিত থাকে । থাৰুৰে ৰাজ্যিক কংগ্ৰেছৰ মুখ্য কাৰ্যালয় তিলক ভৱনত উপস্থিত হোৱাৰ আগতে বি আৰ আম্বেদকাৰৰ (B R Ambedkar) অন্ত্যেষ্টিক্ৰিয়াস্থান চয়তাভূমি, শিৱাজী পাৰ্কত (Shivaji Park) ছত্ৰপতি শিৱাজী মহাৰাজ স্মাৰক আৰু সিদ্ধিবিনায়ক মন্দিৰ পৰিদৰ্শন কৰে । থাৰুৰে দিনটোৰ শেষত টুইটাৰত সাংগঠনিক নিৰ্বাচনত ভোটদান কৰিবলগা ৯,০০০-তকৈও অধিক প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধিৰ বাবে এটা ভিডিঅ' আবেদন বাৰ্তা পোষ্ট কৰে ।

"আমি ভাৰতীয় জাতীয় কংগ্ৰেছত (Indian National Congress) এটা ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ । আমাৰ দলটোক পুনৰুজ্জীৱিত কৰা আৰু ২০২৪ চনৰ নিৰ্বাচনত অদমনীয় বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ উদ্দেশ্যে উপযুক্ত কৰি গঢ়ি তোলাৰ এই প্ৰত্যাহ্বান ।" থাৰুৰে তেওঁৰ ভিডিঅ' আবেদনত এনেদৰে কয় । থাৰুৰে কয়, "আমাৰ দলে দেশক আভ্যন্তৰীণ দলীয় গণতন্ত্ৰৰ এক উদাহৰণ প্ৰদান কৰাৰ বাবে প্ৰত্যাহ্বানটো অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে, যিটো আন কোনো দলে কৰিব পৰা নাই ।"

উল্লেখ্য, কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী (Congress president Sonia Gandhi), দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই জোৰ দি কয় যে তেওঁলোকে কংগ্ৰেছক শক্তিশালী কৰাৰ উপায় হিচাপে নিৰ্বাচনক আদৰণি জনাইছে আৰু তেওঁলোকে বিশ্বাস কৰে যে ই জনসাধাৰণক দলৰ প্ৰতি আকৰ্ষিত কৰিব । থাৰুৰে কয় যে তেওঁ সেই মনোভাবেৰেই যুঁজ দি আছে । তেওঁ লগতে কয় যে তেওঁৰ ইস্তাহাৰত দলটোক শক্তিশালী কৰাৰ বাবে কেইবাটাও ধাৰণা আগবঢ়াইছে । ইয়াৰ ভিতৰত আছে কৰ্তৃত্বৰ বিকেন্দ্ৰীকৰণ, কৰ্মীসকলক ক্ষমতা প্ৰদান কৰা যাতে তেওঁলোকে সকলো স্তৰৰ সিদ্ধান্ত গ্ৰহণৰ সুবিধা লাভ কৰে, দলত অংশগ্ৰহণ বিস্তৃত কৰে আৰু সকলো কৰ্মীকে শক্তিশালী কৰে ।

লগতে পঢ়ক :কংগ্ৰেছ দলত কোনোধৰণৰ অন্তঃকন্দল নাই: ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট

ABOUT THE AUTHOR

...view details