অসম

assam

ETV Bharat / bharat

'সৰু দুৰ্ঘটনা'ক লৈ ৰাজনীতি নকৰিবলৈ মমতাক আহ্বান গাডকাৰীৰ

পশ্চিমবংগত নিৰ্বাচনী ৰেলীত অংশ লোৱাৰ সময়ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে সংঘটিত হোৱা ঘটনাক 'সৰু দুৰ্ঘটনা' আখ্যা দিলে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে । শৰীৰত পোৱা আঘাতক লৈ ৰাজনীতি নকৰিবলৈ মমতা বেনাৰ্জীক আহ্বান জনালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

'সৰু দুৰ্ঘটনা'ক লৈ ৰাজনীতি নকৰিবলৈ মমতাক আহ্বান গাডকাৰীৰ
'সৰু দুৰ্ঘটনা'ক লৈ ৰাজনীতি নকৰিবলৈ মমতাক আহ্বান গাডকাৰীৰ

By

Published : Mar 15, 2021, 4:51 PM IST

নেশ্যনেল ডেস্ক,১৫ মাৰ্চ: সোমবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক লক্ষ্য কৰি আক্ৰমণাত্মক মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে । কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে বিমানেৰে যাত্ৰা কৰি থকা অৱস্থাত ইটিভি ভাৰতৰ সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কয় যে, পশ্চিমবংগৰ মানুহে "ইম'ছ'নেল কাৰ্ড"ৰ বিষয়ে বুজি পাইছে আৰু এইবাৰ তৃণমূল কংগ্ৰেছৰ পক্ষত ভোটদান নকৰে ।

নিৰ্বাচনী প্ৰচাৰৰ সময়ত মমতা বেনাৰ্জীক আক্ৰমণ কৰা বুলি উত্থাপিত হোৱা অভিযোগ সন্দৰ্ভত নীতিন গাডকাৰীয়ে কয় যে, "মমতা বেনাৰ্জীৰ সৈতে যি ঘটিছিল সেয়া এক দুৰ্ঘটনা আছিল আৰু এয়া সকলোৱে জানে । ইয়াক লৈ ৰাজনীতি কৰা উচিত নহয়" । ইয়াৰ উপৰিও, নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যখনত এক ৰেলীত অংশগ্ৰহণৰ বাবে যোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, গেৰুৱা দলটোৱে ইতিমধ্যে 'অবকী বাৰ ২০০ পাৰ'ৰ শ্ল'গান দিয়ে অৰ্থাৎ এইবাৰ বিজেপিয়ে ২০০ খন আসন দখল কৰিব ।

দলৰ কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰম আৰু জনসাধাৰণৰ সহযোগিতাৰ জৰিয়তে বিজেপিয়ে লক্ষ্যত উপনীত হ'ব । তেওঁ কয় যে, জন সাধাৰণে যি সিদ্ধান্ত লয় সেয়া গ্ৰহণ কৰিব লাগে । বিতৰ্ক সৃষ্টি কৰা আৰু নিৰ্বাচনৰ পৰিৱেশ নষ্ট কৰাটো ভাল কথা নহয় । মমতা বেনাৰ্জীৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে, এই ঘটনা দুৰ্ভাগ্যজনক আছিল । এই দুৰ্ঘটনাক ৰাজনীতি নকৰিবলৈ অনুৰোধ জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

তেওঁ লগতে ৰাইজক আশ্বাস দিয়ে যে বিজেপিয়ে জনসাধাৰণৰ সমৰ্থন লাভ কৰিলে তেওঁৰ বিভাগে দুবছৰৰ ভিতৰত মূল পথ প্ৰকল্পবোৰ সম্পূৰ্ণ কৰাটো নিশ্চিত কৰিব । ২৭ মাৰ্চৰ পৰা আঠটা পৰ্যায়ত ২৯৪ জনীয়া পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ২৯ এপ্ৰিলত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । আনহাতে, ২ মে'ত ভোটগণনা সম্পন্ন হ'ব ।

লগতে পঢ়ক: আশাৰাম বাপুৰ আবেদনৰ শুনানি স্থগিত কৰিলে ৰাজস্থান উচ্চ ন্য়ায়ালয়ে

ABOUT THE AUTHOR

...view details