নেশ্যনেল ডেস্ক, ১৩ জুলাই :কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিলে আন এক অভিলাসী আঁচনিৰ কাম । মণিপুৰত স্থাপন কৰা হৈছে এই অভিলাসী আঁচনিৰ আধাৰশিলা । এই আঁচনিৰ অধীনত ভাৰতৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে (Nitin Gadkari) সোমবাৰে ৪,১৪৮ কোটি টকা বিনিয়োগেৰে মুঠ ২৯৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১৬ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ (National Highway Project) আধাৰশিলা স্থাপন কৰে ।
মণিপুৰবাসীৰ দীৰ্ঘদিনীয়া এক সপোন পূৰণ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ । এই আঁচনিৰ জৰিয়তে ৰাজ্যখনক দেশৰ বাকী অংশ আৰু চুবুৰীয়া দেশসমূহৰ সৈতে যিকোনো বতৰত যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ চেষ্টা কৰিছে চৰকাৰে । এই ঘাইপথ প্ৰকল্পসমূহে অঞ্চলটোৰ কৃষি, ঔদ্যোগিক আৰু আৰ্থ-সামাজিক দিশত উন্নয়ন সাধন কৰাৰ লগতে দূৰৱৰ্তী অঞ্চলসমূহলৈ স্বাস্থ্য সেৱা আৰু জৰুৰীকালীন সেৱাৰ সুযোগ লাভ কৰা আৰু নিযুক্তি আৰু স্ব-নিৰ্ভশীলৰ ক্ষেত্ৰত সমৰ্থন কৰিব বুলি আশা কৰা হৈছে ।
ইম্ফলত প্ৰকল্পসমূহ উদ্বোধন কৰাৰ সময়ত গাডকাৰীয়ে কয় যে, ৰাজ্যখনৰ বাবে প্ৰায় ৫০০০ কোটি টকাৰ প্ৰকল্প অনুমোদিত হৈছে আৰু বিতং প্ৰকল্প প্ৰতিবেদন (DPR) ছয় মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব লগতে ইয়াৰ কাম এবছৰৰ ভিতৰত আৰম্ভ হ'ব ।