অসম

assam

ETV Bharat / bharat

Rishi Sunak Visits Akshardham Temple : দিল্লীৰ অক্ষৰধাম মন্দিৰ দৰ্শন কৰে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনকে

দেওবাৰে পুৱাই দিল্লীৰ অক্ষৰধাম মন্দিৰ দৰ্শন কৰে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনকে ৷ ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে মন্দিৰ দৰ্শন কৰে তেওঁৰ পত্নী অক্ষতা মূৰ্তিও ৷

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 8:15 AM IST

Updated : Sep 10, 2023, 11:00 AM IST

Rishi Sunak Visits Akshardham Temple
দিল্লীৰ অক্ষৰধাম মন্দিৰত ব্ৰিটিছ প্ৰধানমন্ত্ৰী

নেশ্যনেল ডেস্ক, ১০ ছেপ্টেম্বৰ : শনিবাৰ অৰ্থাৎ ৯ ছেপ্টেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আছেG২০ সন্মিলন ৷ এই সন্মিলনত অংশগ্ৰহণৰ বাবে বিশ্বৰ ২০ খন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে ৷ এই G২০ সন্মিলনৰ বাবে ভাৰতত উপস্থিত হোৱা ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনকে দেওবাৰে পুৱা দিল্লীৰ অক্ষৰধাম মন্দিৰ দৰ্শন কৰে ৷ ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে তেওঁৰ পত্নী অক্ষতা মূৰ্তিও ৷ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ এই মন্দিৰ ভ্ৰমণৰ সময়চোৱাত পূৰ্বতকৈ আৰু অধিক কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী ৷

দিল্লীৰ অক্ষৰধাম মন্দিৰত ব্ৰিটিছ প্ৰধানমন্ত্ৰী

তথ্য অনুসৰি, প্ৰায় ১ ঘণ্টা অক্ষৰধাম মন্দিৰত থাকিব ঋষি সুনক । G২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পত্নী অক্ষতা মূৰ্তিৰ সৈতে ভাৰতলৈ অহা সুনক সন্দৰ্ভত বিভাগীয় বিষয়াসকলে কয় যে তেওঁ (সুনক) দেওবাৰে পুৱা অক্ষৰধাম মন্দিৰলৈ যাব । ইয়াৰ পৰিপ্ৰেক্ষিতত মন্দিৰৰ ভিতৰত আৰু আশে-পাশে নিৰাপত্তা কটকটীয়া কৰা হৈছে ।

পত্নীৰ সৈতে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনক

লগতে পঢ়ক :G20 Digital Economy Ministers Meet : ন বছৰত ভাৰতৰ ডিজিটেল পৰিৱৰ্তন অভূতপূৰ্ব :প্ৰধানমন্ত্ৰী

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে, ইতিমধ্যে অঞ্চলটোত বেৰিকেড লগোৱা হৈছে ৷ G২০ সন্মিলনৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান দিল্লীৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে ৷ আনকি দেওবাৰে ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে পৰ্যাপ্ত সংখ্যক নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে ।

অক্ষৰধাম মন্দিৰত ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনক

ইফালে G২০ সন্মিলনৰৰ প্ৰথম দিনাই অৰ্থাৎ শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনকক সাক্ষাৎ কৰে ৷ তাৰ পাচত তেওঁলোকে বাণিজ্যিক সম্পৰ্ক আৰু বিনিয়োগ সন্দৰ্ভত আলোচনা কৰে । ভাৰত ভ্ৰমণ কৰি ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনক অত্যন্ত সুখী অনুভৱ কৰিছে বুলি জানিব পৰা গৈছে ৷

দিল্লীৰ অক্ষৰধাম মন্দিৰ দৰ্শন কৰে ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

লগতে পঢ়ক :India Sun Mission : আদিত্য-L১ য়ে তৃতীয়টো পৃথিৱীমুখী কৌশল সফলতাৰে সম্পন্ন কৰিছে

Last Updated : Sep 10, 2023, 11:00 AM IST

ABOUT THE AUTHOR

...view details