অসম

assam

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 3:53 PM IST

ETV Bharat / bharat

G20 Summit : কোন কোন দেশৰ নেতা উপস্থিত থাকিব জি-২০ বৈঠকত ?

ভাৰতত অনুষ্ঠিত হ'বলগীয়া জি-২০ বৈঠকৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ । আমেৰিকাৰ পৰা আৰম্ভ কৰি বিভিন্ন দেশৰ শীৰ্ষ নেতাই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । তাৰ মাজতে ৰাছিয়া আৰু চীনকে ধৰি কেইবাখনো দেশৰ শীৰ্ষ নেতা এই বৈঠকত উপস্থিত নাথাকিব ।

G20 Summit
কোন কোন দেশৰ নেতা উপস্থিত থাকিব জি-২০ বৈঠকত

নেশ্যনেল ডেস্ক,৮ ছেপ্টেম্বৰ :নতুন দিল্লীত জি-২০ বৈঠকৰ প্ৰস্তুতি ইতিমধ্যে সমাপ্ত হৈছে । সকলোৰে অপেক্ষা মাথো বৈঠকলৈ । দেশ-বিদেশৰ বিশিষ্ট নেতাসকলে দিল্লীত বাহৰ পাতিবলৈ আৰম্ভ কৰিছে । এই গুৰুত্বপূৰ্ণ বৈঠকত ভূ-ৰাজনৈতিক উত্তেজনা, অৰ্থনৈতিক মন্দাৱস্থা আৰু খাদ্য আৰু শক্তিৰ মূল্যৰ উদ্বেগজনক বৃদ্ধিকে ধৰি বহুতো গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হ'ব । উল্লেখ্য যে অংশগ্ৰহণকাৰীসকলৰ ভিতৰত আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বিডেন, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাক আৰু বিভিন্ন দেশৰ নেতা ।

জি-২০ৰ অংশগ্ৰহণকাৰী :

ৰাষ্ট্ৰপতি জ' বিডেনে জি-২০ সন্মিলনত তেওঁৰ উপস্থিতি নিশ্চিত কৰিছে । তেওঁ গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে । য'ত ইউক্ৰেইনৰ যুদ্ধৰ সামাজিক প্ৰতিক্ৰিয়া, পৰিষ্কাৰ শক্তিৰ দিশত অপৰিহাৰ্য পৰিৱৰ্তন, জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়া আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজত বহুপাক্ষিক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সামৰ্থ্য শক্তিশালী কৰা অন্তৰ্ভুক্ত আছে ।

ৰাষ্ট্ৰপতি বিডেনৰ সৈতে বৈঠকত যোগ দিছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাক । প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ এয়া প্ৰথম চৰকাৰী ভ্ৰমণ । তেওঁৰ উপস্থিতিয়ে ইউকে-ভাৰত সম্পৰ্কৰ গুৰুত্ব আৰু অংশীদাৰী প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব ৷

বৰ্তমান জি-৭ ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাই ইউক্ৰেইন সংঘৰ্ষত ৰাছিয়াৰ ভূমিকাক গৰিহণা দি আলোচনাৰ নেতৃত্ব দিবলৈ সাজু হৈছে । জাপানৰ এই দৃঢ় স্থিতি জি-২০ বৈঠকৰ মুখ্য আকৰ্ষণ হ'ব বুলি আশা কৰা হৈছে ।

কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোই ইণ্ডোনেছিয়া ভ্ৰমণত থকা স্বত্বেও জি-২০ বৈঠকত অংশগ্ৰহণ নিশ্চিত কৰিছে । ইয়াৰ ফলত গুৰুত্বপূৰ্ণ বিষয়সমূহত বিশ্বজুৰি সহযোগিতাৰ প্ৰতি কানাডাৰ প্ৰতিশ্ৰুতিও দৃঢ় হৈছে ।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নে কেৱল বৈঠকত অংশগ্ৰহণ কৰাই নহয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকতো মিলিত হ'ব । দুয়োখন ৰাষ্ট্ৰৰ মাজত কূটনৈতিক সম্পৰ্ক অধিক শক্তিশালী হোৱাৰো আশা কৰা হৈছে ।

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিছে এছিয়া-প্ৰশান্ত মহাসাগৰীয় সহযোগিতাৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি ক্ৰমে ভাৰত, ইণ্ডোনেছিয়া আৰু ফিলিপাইনছ এই তিনিখন দেশ ভ্ৰমণৰ অংশ হ'ব ।

জাৰ্মান চেন্সেলৰ ওলাফ স্ক’লজে তেওঁৰ প্ৰথম মুখ্য আন্তঃৰাষ্ট্ৰীয় উপস্থিতিত ৰাছিয়া আৰু চীনৰ অনুপস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু গোটটোৰ নিৰন্তৰ প্ৰাসংগিকতাৰ ওপৰত আলোকপাত কৰে ।

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি য়ুন চুক ইয়োলে উত্তৰ কোৰিয়াৰ পাৰমাণৱিক ভাবুকি আৰু ক্ষেপণাস্ত্ৰৰ ক্ষেত্ৰত সামূহিক সঁহাৰি দিবলৈ আহ্বান জনাব বুলি আশা কৰা হৈছে । তদুপৰি, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোচা আৰু তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিচেপ তাইপ এৰ্দোগান বৈঠকত আন আন নেতাসকলৰ ভিতৰত থাকিব ।

সম্ভৱতঃ এইবাৰৰ জি-২০ বৈঠকত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ অনুপস্থিতি একপ্ৰকাৰ নিশ্চিত হৈছে । ইয়াৰ পৰিৱৰ্তে, ৰাজ্যিক পৰিষদৰ চীনা প্ৰধানমন্ত্ৰী লি কিয়াঙে প্ৰতিনিধি দলটোৰ নেতৃত্ব দিব । ২০০৮ চনত বৈঠক আৰম্ভ হোৱাৰ পাছত এগৰাকী চীনা ৰাষ্ট্ৰপতিৰ প্ৰথমবাৰৰ বাবে জি-২০ নেতাৰ বৈঠকত অনুপস্থিতি দেখা যাব ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ অনুপস্থিতিও লক্ষণীয়, কিয়নো আন্তৰ্জাতিক অপৰাধ আদালতে তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে । তেওঁৰ বিৰুদ্ধে ইউক্ৰেইনত যুদ্ধ অপৰাধৰ অভিযোগ তোলা হৈছে । এই আইনী পদক্ষেপৰ বাবে পুটিনে বিদেশ ভ্ৰমণ কৰিলে গ্ৰেপ্তাৰ হোৱাৰ আশংকাৰ সন্মুখীন হৈছে । ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভে নতুন দিল্লীত দেশখনক প্ৰতিনিধিত্ব কৰিব ।

ইফালে শেহতীয়াকৈ ক'ভিড-১৯ত আক্ৰান্ত হোৱাৰ বাবে স্পেইনৰ ৰাষ্ট্ৰপতি পেদ্ৰো চাঞ্চেজে জি-২০ বৈঠকত উপস্থিত থাকিব নোৱাৰিব । মেক্সিকোৰ ৰাষ্ট্ৰপতি আন্দ্ৰেছ মানুৱেল লোপেজ অব্ৰাডৰেও এই বৈঠকত উপস্থিত নথকাৰ কথা কৈছে ।

জি-২০ৰ সদস্য নহ'লেও এই কেইখন দেশে বৈঠকত যোগদান কৰিব :

এক বিস্তৃত আলোচনা আৰু সহযোগিতা বৃদ্ধিৰ বাবে ভাৰতে জি-২০ সদস্যতা নথকা ৰাষ্ট্ৰসমূহৰ কেইবাজনো নেতাক আমন্ত্ৰণ জনাইছে । ইয়াৰ ভিতৰত আছে বাংলাদেশ, নেডাৰলেণ্ড, নাইজেৰিয়া, ইজিপ্ত, মৰিচাছ, ওমান, ছিংগাপুৰ, স্পেইন আৰু আৰৱ । বৈঠকত তেওঁলোকৰ উপস্থিতিয়ে বিশ্বজুৰি প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত অন্তৰ্ভুক্তিৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে ।

তদুপৰি, ৰাষ্ট্ৰসংঘ, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু বিশ্ব বেংকৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহৰ উচ্চ পদস্থ বিষয়াসকলেও বিশ্বই সন্মুখীন হোৱা জটিল সমস্যাসমূহৰ সমাধানৰ বাবে প্ৰয়োজনীয় সহযোগিতামূলক আৰু ব্যাপক দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰি কাৰ্যক্ৰমত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব ।

নতুন দিল্লীত অনুষ্ঠিত জি-২০ বৈঠকত ইয়াৰ বিবিধ আৰু প্ৰভাৱশালী অংশগ্ৰহণকাৰী ৰষ্টাৰৰ সৈতে গুৰুত্বপূৰ্ণ গোলকীয় প্ৰত্যাহ্বানৰ ওপৰত গঠনমূলক আলোচনা আৰু সামূহিক পদক্ষেপৰ প্ৰতিশ্ৰুতি দিয়া হৈছে । ভাৰতৰ ৰাজধানীত নেতাসকল একত্ৰিত হোৱাৰ লগে লগে বিশ্ববাসীৰ দৃষ্টি এতিয়া ভাৰতৰ ওপৰত আছে ।

লগতে পঢ়ক :G20 Summit 2023 : জি২০ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ ১৫ বিশ্ব নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠক

ABOUT THE AUTHOR

...view details