নিউজ ডেস্ক, ৬ ছেপ্টেম্বৰ :দিল্লীত জি-২০ সন্মিলন সমাগত । ইতমিধ্যে জি-২০ সন্মিলৰ বাবে দিল্লীত ব্যাপক প্ৰস্তুতি চলোৱা হৈছে । লগতে আৰোপ কৰা হৈছে বহু নিষেধাজ্ঞা । তাৰ মাজতে দিল্লীৰ আৰক্ষী আয়ুক্ত সঞ্জয় অৰোৰাই দিল্লী মেট্ৰো ৰে'ল কৰ্প'ৰেচনৰ (ডিএমআৰচি) পৰিচালন সঞ্চালক বিকাশ কুমাৰলৈ এখন পত্ৰ লিখিছে । পত্ৰত আৰক্ষী আয়ুক্তই ৰাষ্ট্ৰীয় ৰাজধানীত ৮, ৯ আৰু ১০ ছেপ্টেম্বৰৰ পুৱা ৪ বজাৰ পৰা মেট্ৰো সেৱা আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছে । কিয়নো ইয়াৰ দ্বাৰা জি-২০ সন্মিলনৰ সময়ত নিৰাপত্তা ব্যৱস্থাৰ সৈতে জড়িত আৰক্ষী কৰ্মীসকলৰ যাতায়াতত সহায় হ'ব ।
"অনুষ্ঠানে প্ৰভাৱিত কৰিব পৰা অঞ্চলসমূহত, মুখ্যত এনডিএমচি আৰু দক্ষিণ পশ্চিম জিলা অঞ্চলত যান-বাহনৰ নিষেধাজ্ঞাৰ পৰিপ্ৰেক্ষিতত যদি ৮, ৯ আৰু ১০ তাৰিখে মেট্ৰো সেৱা যদি পুৱা ৪ বজাৰ পৰা আৰম্ভ কৰিব পাৰে তেন্তে আৰক্ষী আৰু অন্যান্য সহায়ক কৰ্মচাৰীসকলৰ যথেষ্ট সুবিধা হ'ব । ইয়াৰ ফলত কৰ্মচাৰীসকলে কোনো সুবিধা নোহোৱাকৈ যাতায়াত আৰু দুয়োটা মুখ্য স্থান অৰ্থাৎ আইইচিচি/আইটিপিঅ' আৰু ৰাজঘাটত সময়মতে উপস্থিত হোৱাত সহায় হ'ব ।" পত্ৰখনত লিখা হৈছে ।
"যিহেতু সন্মিলনস্থলী অৰ্থাৎ আইইচিচি, আইটিপিঅ' আৰু ৰাজঘাটত অনুষ্ঠান পুৱাৰে পৰা আৰম্ভ হ'ব, সেয়েহে এই স্থানসমূহৰ বাবে কৰ্মচাৰীসকল তাত উপস্থিত হোৱাৰ সময় পুৱা ৫ বজাৰ পৰা নিৰ্ধাৰণ কৰা হৈছে ।" আৰক্ষী আয়ুক্তজনে তেওঁৰ পত্ৰত এই যুক্তি দিয়ে । অৰোৰাই লগতে কয় যে ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত হ'বলগীয়া জি-২০ সন্মিলনৰ ফলত দিল্লী আৰক্ষীয়ে বিভিন্ন বিভাগৰ সৈতে সমন্বয় ৰাখি প্ৰায় ৪০,০০০ কৰ্মচাৰীক জড়িত কৰি ব্যাপক নিৰাপত্তা, আইন-শৃংখলা আৰু যান-বাহন ব্যৱস্থা নিৰ্ধাৰণ কৰিছে । এই ব্যৱস্থা ৭ ছেপ্টেম্বৰৰ পৰা সম্পূৰ্ণভাৱে নিয়োজিত হ'ব ।