নেশ্যনেল ডেস্ক, 18 আগষ্ট:ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত G 20 ফ্ৰেমৱৰ্ক ৱৰ্কিং গ্ৰুপৰ বৈঠক আৰম্ভ হৈছে । নভা ৰায়পুৰৰ মেফেয়াৰ ৰিজ’ৰ্টত আৰম্ভ হোৱা এই বৈঠকত আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক সংগঠনৰ 65 জনতকৈ অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে । ভাৰতৰ বিত্ত মন্ত্ৰালয়ৰ উপদেষ্টা চান্দনী ৰাইনাই এই বৈঠকৰ সভাপতিত্ব কৰে ।
সোমবাৰে এই দুদিনীয়া বৈঠকৰ প্ৰথমটো দিন । কাইলৈ বৈঠকৰ সামৰণি পৰিব । লাভ কৰা তথ্য অনুসৰি সভাৰ পূৰ্বে প্ৰতিনিধিসকলে নাও চলোৱাৰ আনন্দ লাভ কৰিছিল আৰু তাৰ পিছত হোটেলখনত আয়োজন কৰা যোগাসন অধিবেশনত অংশগ্ৰহণ কৰিছিল প্ৰতিনিধিসকলে ।
বিদেশী অতিথিসকলক ছত্তীশগড়ী শৈলীত আদৰণি জনোৱা হয়: ৰায়পুৰত G 20 ৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ দেওবাৰে ৰায়পুৰত উপস্থিত হয় G 20 ৰ সদস্য আৰু প্ৰতিনিধি । ৰাজধানীত উপস্থিত হোৱাৰ পিছত সকলো বিদেশী অতিথিক ছত্তীশগড়ী শৈলীত আদৰণি জনোৱা হয় । অতিথিসকলক বিমানবন্দৰৰ বাহিৰত পৰম্পৰাগত লোকগীত-লোকনৃত্যৰে আদৰণি জনোৱা হয় ।
ৰায়পুৰত G 20 ৱৰ্কিং গ্ৰুপৰ বৈঠকঃ ছত্তীশগড়ী পৰম্পৰাৰে আদৰণি জনোৱা G 20 ৰ বৈঠকত অংশগ্ৰহণৰ বাবে ৰায়পুৰত উপস্থিত হয় বিদেশী অতিথি ।