অসম

assam

ETV Bharat / bharat

G20 meet: জি-২০ বৈঠকৰ দস্তাবেজত ইউক্ৰেইন আক্ৰমণৰ বিষয় উত্থাপনক লৈ অসন্তুষ্ট ৰাছিয়া আৰু চীন - G20 meet

জি-২০ উন্নয়ন মন্ত্ৰীসকলৰ বৈঠকত চীনে ফলাফল দস্তাবেজত ইউক্ৰেইন সংঘৰ্ষৰ উল্লেখৰ বিৰোধিতা কৰিছে । আনহাতে ৰাছিয়াই দস্তাবেজৰ পৰা নিজকে আঁতৰাই ৰাখে । দস্তাবেজত কোৱা হৈছে যে ইউক্ৰেইনৰ যুদ্ধই বিশ্ব অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলাইছে ।

G20 meet
জি-২০ বৈঠকত ইউক্ৰেইন আক্ৰমণৰ বিষয় উত্থাপনক লৈ অসন্তুষ্ট ৰাছিয়া আৰু চীন

By

Published : Jun 13, 2023, 11:37 AM IST

নেশ্যনেল ডেস্ক,১৩ জুন :জি-২০ উন্নয়ন মন্ত্ৰীসকলৰ বৈঠকত ইউক্ৰেইন আক্ৰমণৰ বিষয়টো উত্থাপনৰ বিৰোধিতা ৰাছিয়া আৰু চীনৰ । বৈঠকৰ ফলাফলৰ দস্তাবেদ আৰু সাৰাংশত ইউক্ৰেইন আক্ৰমণৰ বিষয়টো উত্থাপন কৰাটো বিৰোধিতা কৰিছে দুয়োখন দেশে ।

উল্লেখ্য যে জি-২০ দেশসমূহৰ উন্নয়ন মন্ত্ৰীসকলৰ বৈঠক বাৰাণসীত অনুষ্ঠিত হৈছে আৰু সোমবাৰে বৈদেশিক মন্ত্ৰী জয়শংকৰে এই বৈঠকত সভাপতিত্ব কৰে । সভাখনত প্ৰায় ২০০ গৰাকী বিদেশী প্ৰতিনিধি উপস্থিত থাকে । উন্নয়ন মন্ত্ৰীসকলৰ বৈঠকৰ পূৰ্বে ৬-৯ জুনলৈ দিল্লীত অনুষ্ঠিত হোৱা চতুৰ্থ আৰু চূড়ান্ত উন্নয়ন কাৰ্যকৰী গোটৰ বৈঠক অনুষ্ঠিত হয় ।

ফলাফল দস্তাবেজ অনুসৰি, চীনে কয় যে ফলাফলত ইউক্ৰেইন সংকটৰ কোনো প্ৰসংগ অন্তৰ্ভুক্ত কৰা উচিত নহয় । ইফালে, ৰাছিয়াই পেৰা-১০ আৰু ১১-ৰ প্ৰসংগৰ বাবে এই নথিখনৰ স্থিতিৰ পৰা নিজকে এক উমৈহতীয়া ফলাফল হিচাপে আঁতৰাই ৰাখে ।

ফলাফল দস্তাবেজৰ দশম দফাত কোৱা হৈছে, "ইউক্ৰেইনৰ যুদ্ধই বিশ্ব অৰ্থনীতিত অধিক বিৰূপ প্ৰভাৱ পেলাইছে আৰু আমি আমাৰ ৰাষ্ট্ৰীয় স্থিতিবোৰ আনৰ বাবে প্ৰকাশ কৰা অনুসৰি পুনৰাবৃত্তি কৰিছো, ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়ান ফেডাৰেচনৰ আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ইউক্ৰেইনৰ ভূখণ্ডৰ পৰা ৰাছিয়াৰ সম্পূৰ্ণ আৰু চৰ্তহীন প্ৰত্যাহাৰ দাবী কৰিছো ।"

দস্তাবেজখনত লগতে কোৱা হৈছে যে বেছিভাগ সদস্যই ইউক্ৰেইনৰ যুদ্ধক তীব্ৰ গৰিহণা দিছে আৰু জোৰ দিছে যে ই যথেষ্ট মানৱীয় কষ্টৰ উদ্ভৱ কৰিছে আৰু বিশ্ব অৰ্থনীতিত বিদ্যমান দুৰ্বলতা বৃদ্ধি কৰিছে, বিকাশত বাধা দিয়া, মুদ্ৰাস্ফীতি বৃদ্ধি কৰা, যোগান শৃংখলা ব্যাহত কৰা, শক্তি আৰু খাদ্য নিৰাপত্তাহীনতা বৃদ্ধি কৰা আৰু বিত্তীয় স্থিৰতাৰ বিপদাশংকা বৃদ্ধি কৰাও ইয়াত আছে ।

ফলাফল দস্তাবেজখনত কোৱা হৈছে যে আন্তৰ্জাতিক আইন আৰু শান্তি আৰু স্থিৰতা সুৰক্ষিত কৰা বহুপাক্ষিক ব্যৱস্থাক বজাই ৰখাটো অত্যাৱশ্যকীয় । ইয়াৰ ভিতৰত আছে ৰাষ্ট্ৰসংঘৰ চাৰ্টাৰত সন্নিবিষ্ট সকলো উদ্দেশ্য আৰু নীতি ৰক্ষা কৰা আৰু আন্তৰ্জাতিক মানৱীয় আইন পালন কৰা, যাৰ ভিতৰত আছে সশস্ত্ৰ সংঘৰ্ষত অসামৰিক লোকৰ সুৰক্ষা আৰু আন্তঃগাঁথনি ।

বৈঠকত মন্ত্ৰীসকলে সকলোৰে বাবে সুযোগ সৃষ্টি আৰু গাঁথনিগত দুৰ্বলতা আৰু ভাৰসাম্যহীনতা দূৰ কৰাৰ বাবে উচ্চাকাংক্ষী, কংক্ৰিট আৰু সামূহিক জি-২০ পদক্ষেপৰ আহ্বান জনায় । বিশেষকৈ উন্নয়নশীল দেশসমূহ, নিম্নবিকশিত দেশসমূহ (এলডিচি) আৰু ক্ষুদ্ৰ দ্বীপ উন্নয়নশীল ৰাজ্যসমূহ । তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, বহুপাক্ষিকতা আৰু বিশ্বব্যাপী সংহতিৰ প্ৰতি তেওঁলোকৰ অটল প্ৰতিশ্ৰুতিক বিশ্বৰ বাবে সৰ্বশ্ৰেষ্ঠ উপায় হিচাপে দোহাৰে ।

মন্ত্ৰীসকলে নাগৰিক সমাজ, ব্যক্তিগত খণ্ড আৰু শিক্ষাকে ধৰি সকলো অংশীদাৰৰ অধিক সহযোগিতা, অংশীদাৰিত্ব আৰু অৱদানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । জি-২০ উন্নয়ন মন্ত্ৰীসকলে ২০২৪ চনত ব্ৰাজিলৰ জি-২০ প্ৰেচিডেন্সি আৰু ২০২৫ চনত দক্ষিণ আফ্ৰিকা গণৰাজ্যৰ জি-২০ প্ৰেচিডেন্সিক আদৰণি জনাই জি-২০ ডিডব্লিউজিৰ সামূহিক কাৰ্যসূচী আগবঢ়াই নিয়ে ।

লগতে পঢ়ক :Varanasi G20 summit : ভিডিঅ’ মেছেজৰ জৰিয়তে বাৰাণসীৰ জি-২০ সন্মিলনত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ABOUT THE AUTHOR

...view details