অসম

assam

ETV Bharat / bharat

G 20 summit in Mysore: প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত মহীশূৰত আজিৰে পৰা আৰম্ভ জি 20 শীৰ্ষ সন্মিলন - 100 th G 20 SUMMIT

সোমবাৰৰ পৰা মহীশূৰত তিনিদিনৰ বাবে আয়োজন হ’ব জি-20 শীৰ্ষ সন্মিলন ৷ পৰ্যটকৰ বাবে প্ৰাসাদত প্ৰৱেশ নিষেধ ৷

G 20 summit in Mysore
মহীশূৰত আজিৰে পৰা আৰম্ভ জি 20 শীৰ্ষ সন্মিলন

By

Published : Jul 31, 2023, 9:37 AM IST

নেশ্যনেল ডেস্ক, 31 জুলাই :31 জুলাই সোমবাৰৰ পৰা কৰ্ণাটকৰ মহীশূৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জি-20 শীৰ্ষ সন্মিলন । নিৰ্দিষ্ট স্থানডোখৰত প্ৰৱেশ সীমাৱদ্ধ কৰা হৈছে পৰ্যটকৰ বাবে । ভাৰতত এইবাৰ 100 সংখ্যক জি-20 সন্মিলনৰ আয়োজন কৰা হৈছে আৰু এই বৈঠক কৰ্ণাটকৰ মহীশূৰত অনুষ্ঠিত হোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।

যোৱা সপ্তাহত বেংগালুৰুত অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলনত বাণিজ্য আৰু বিনিয়োগৰ বিষয়ে আলোচনা কৰা হৈছিল । 31 জুলাই সোমবাৰৰ পৰা মহীশূৰত অনুষ্ঠিত হ’বলগীয়া শীৰ্ষ সন্মিলনত ঐতিহ্যৰ সন্দৰ্ভত আলোচনা কৰা হ’ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এইবাৰ জি-20 সন্মিলনৰ অধ্যক্ষতা কৰিব । 2022 চনৰ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই বৈঠক চলিত বৰ্ষৰ 30 নৱেম্বৰলৈকে চলিব বুলি জানিবলৈ পৰা গৈছে ।

মহীশূৰত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনত আমেৰিকা, ৰাছিয়া, চীন, দক্ষিণ আফ্ৰিকা, জাপান, ভাৰত, ফ্ৰান্স, জাৰ্মানীকে ধৰি 20 খন দেশৰ পৰা 250 জনতকৈ অধিক বিদেশী বিশিষ্ট ব্যক্তি উপস্থিত হ’ব বুলি জানিবলৈ পৰা গৈছে । 31 জুলাইৰ পৰা 1-3 আগষ্টলৈ চহৰখনৰ ৰেডিশ্যন হোটেলত এই বৈঠক অনুষ্ঠিত হ’ব । ইয়াৰ উপৰিও গ্ৰেণ্ড মাৰ্কিউৰী হোটেলত বিদেশী প্ৰতিনিধি থকাৰ ব্যৱস্থা কৰা হৈছে ।

শীৰ্ষ সন্মিলনৰ পিছত বিদেশী প্ৰতিনিধিসকলৰ বাবে মহীশূৰৰ পৰ্যটন স্থান ভ্ৰমণৰ ব্যৱস্থা কৰা হয় । 31 জুলাইৰ সন্ধিয়া ৰাজপ্ৰসাদ, 1 আগষ্টত কে আৰ এছ আৰু শ্ৰীৰংগপট্না আৰু 3 আগষ্টত সোমনাথপুৰ ভ্ৰমণ কৰিব ।

শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰা বিদেশী প্ৰতিনিধিৰ থকা-খোৱাৰ ব্যৱস্থা কৰা এই হোটেল দুখনৰ আশে-পাশে কটকটীয়া আৰক্ষীৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । সংলগ্ন কৰা হৈছে চিচিটিভি কেমেৰা । বিশিষ্ট ব্যক্তিসকলৰ আগমনৰ সময়ত যাতে কোনো ধৰণৰ নিৰাপত্তাজনিত ত্ৰুটি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিছে মহীশূৰ চহৰ আৰক্ষীয়ে ।

জি-20 সন্মিলনত গোলকীয় উষ্ণতা বৃদ্ধি আৰু প্ৰদূষণকে ধৰি সমসাময়িক বিশ্ব প্ৰত্যাহ্বানসমূহৰ সৈতে ফলপ্ৰসূভাৱে মোকাবিলা কৰাৰ বিষয়টো ব্যাপকভাৱে আলোচনা কৰা হৈছে । চূড়ান্ত প্ৰস্তাৱবোৰ সন্দৰ্ভত শীৰ্ষ সন্মিলনত সিদ্ধান্ত লোৱা হ’ব ।

জি-20 সন্মিলনত অংশগ্ৰহণ কৰা বিদেশী বিশিষ্ট ব্যক্তিসকলৰ নিৰাপত্তাজনিত কাৰণত 1 আগষ্টৰ দিনৰ 2.30 বজাৰ পৰা মহীশূৰ প্ৰাসাদ পৰিদৰ্শনত সীমাবদ্ধতা আৰোপ কৰা হৈছে ।

পেলেচ ব’ৰ্ডৰ উপ-সঞ্চালক টি এছ সুব্ৰহ্মণ্যই এক বিবৃতিযোগে কয় যে 2 আগষ্টৰ সন্ধিয়া 7-8 বজালৈ অনুষ্ঠিত হোৱা শব্দ আৰু পোহৰৰ কাৰ্যসূচীত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ।

লগতে পঢ়ক :Manipur Violence: "আমি আপোনাৰ মন কী বাত নুশুনো, আমি মণিপুৰৰ মন কী বাত শুনিবলৈ বিচাৰো..."

ABOUT THE AUTHOR

...view details