নেশ্যনেল ডেস্ক, 9 ডিচেম্বৰ :তামিলনাডুৰ কুনুৰৰ সমীপত বুধবাৰে সংঘটিত হেলিকপ্তাৰ দুৰ্ঘটনাত (Coonoor helicopter Crash) দেশৰ প্ৰতিৰক্ষা বিভাগৰ প্ৰধান জেনেৰেল বিপিন ৰাৱাট (CDS General Bipin Rawat) আৰু পত্নী মধুলিকাৰ মৃত্যু (CDS General Bipin Rawat passed away) ঘটে । তথ্য অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়াৰ ভিতৰত তেওঁলোকৰ নশ্বৰদেহ দিল্লীলৈ অনা হ'ব । শুকুৰবাৰে দিল্লী কেণ্টনমেণ্টত দুয়োগৰাকীৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব ।
ইতিমধ্যে ৰাৱাটৰ গৃহ ৰাজ্য উত্তৰাখণ্ডৰ ৰাজ্য চৰকাৰে এই শোকাকূল ঘটনাৰ বাবে 3 দিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে ।
লগতে চাওক:General Bipin Rawat passed away : সেনাৰ হেলিকপ্টাৰতেই জীৱন সামৰিলে জেনেৰেল ৰাৱাটে
সেনাপ্ৰধান বিপিন ৰাৱাট(CDS General Bipin Rawat) আৰু তেওঁৰ পত্নীৰ নশ্বৰদেহ বৃহস্পতিবাৰে সন্ধিয়াৰ ভিতৰত এখন সামৰিক বিমানেৰে ৰাজধানী চহৰ নতুন দিল্লীলৈ অনা হ'ব । শুকুৰবাৰে দুয়োগৰাকীৰে মৃতদেহ নিজ বাসগৃহলৈ অনাৰ পিছত স্থানীয় ৰাইজ তথা অনুগামীসকলক পুৱা ১১ বজাৰ পৰা দুপৰীয়া ২ বজালৈ শেষ শ্ৰদ্ধা জনাবলৈ অনুমতি দিয়া হ'ব । তাৰ পিছত তেওঁলোকৰ নশ্বৰদেহ কামৰাজ মাৰ্গৰ পৰা শোভাযাত্ৰা কৰি দিল্লী কেণ্টনমেণ্টৰ বৰদলৈ চ’ক শ্মশানলৈ লৈ যোৱা হ'ব । ৰাৱাটৰ কনিষ্ঠ ভগ্নী আৰু ভাতৃ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিব ।
3 দিনীয়া ৰাজ্যিক শোক
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে চিডিএছ ৰাৱাট(CDS General Bipin Rawat) ৰ মৃত্যুক লৈ ৰাজ্যখনত তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে । "চিডিএছ জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যুৰ খবৰ শুনি মই অত্যন্ত দুঃখিত বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে শোক ব্যক্ত কৰে ৷ লগতে কয় যে, ৰাৱাটে নিজৰ জীৱন ৰাষ্ট্ৰৰ বাবে উৎসৰ্গিত কৰিছিল । ৰাৱাটৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো" ৷
উত্তৰাখণ্ডৰ সৈতে গভীৰ সম্পৰ্ক