নেশ্যনেল ডেস্ক,১৭ এপ্ৰিল:ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অতি ভয়ংকৰ ৰূপ লৈছে কৰ'ণা মহামাৰীয়ে । বহু ঠাইৰ হাস্পতালত বিচনা, অক্সিজেন আৰু প্ৰতিষেধকৰ নাটনি হোৱা দেখিবলৈ পোৱা গৈছে । সকলো অভিলেখ ভংগ কৰি দেশত দৈনিক হিচাপত আক্ৰান্ত হৈছে সৰ্বাধিক ২ লাখ ৩৪ হাজাৰ ৬৯২ গৰাকী লোক । শনিবাৰৰ দিনটোলৈ মুঠ আক্ৰান্তৰ সংখ্যা হ'লগৈ ১ কোটি ৪৫ লাখ ২৬ হাজাৰ ৬০৯ গৰাকী লোক ।
আনহাতে, চৰকাৰে দেশজুৰি কৰ'ণা প্ৰতিষেধক অভিযান অব্যাহত ৰাখিছে যদিও আক্ৰান্তৰ সংখ্যা ভয়ংকৰভাৱে বৃদ্ধি হোৱাত সমালোচনাৰ সন্মুখীন হৈছে চৰকাৰ । বিৰোধী পক্ষই বিভিন্ন ধৰণে সমালোচনা কৰা দেখা গৈছে বিজেপি নেতৃত্বধীন কেন্দ্ৰীয় চৰকাৰক । কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এইবাৰ আক্ৰামণ মোডী চৰকাৰক । এই ভয়ংকৰ পৰিৱেশক মোডীয়ে সৃষ্টি কৰা দুৰ্যোগ আখ্যা ৰাহুল গান্ধীৰ ।