নেশ্যনেল ডেস্ক,২৭ মে':শেহতীয়াকৈ এণ্টিগুয়া আৰু বাৰ্বুডাৰ পৰা পলায়ন কৰা মষ্ট ৱান্টেড হীৰা ব্যৱসায়ী মেহুল চোকচিক তেওঁৰ বিৰুদ্ধে ইণ্টাৰপোলৰ অন্তিম জাননী (হালধীয়া জাননী) জাৰি কৰাৰ পাচতে চুবুৰীয়া ডমিনিকাত আটক কৰা হয় । স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, তেওঁক এণ্টিগুয়া আৰু বাৰ্বুডাৰ ৰয়েল পুলিচ বাহিনীলৈ হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়া চলি আছে ।
এণ্টিগুয়া নিউজ ৰুমৰ খবৰ অনুসৰি, দেশখনৰ নাগৰিকত্ব গ্ৰহণ কৰাৰ পাচত চোকচি ২০১৮ চনৰ পৰা এণ্টিগুয়া আৰু বাৰ্বুডাত বাস কৰি আছিল । সন্ধানহীন হৈ থকা চোকচিক বিচাৰি উলিওৱাৰ বাবে ইণ্টাৰপোলৰ দ্বাৰা হালধীয়া জাননী জাৰি কৰা হৈছিল ।
পঞ্জাৱ নেচনেল বেংকত ১৩,৫০০ কোটি টকাৰ ঋণ কেলেংকাৰীৰ অভিযুক্ত চোকচিক দেওবাৰে এণ্টিগুয়া আৰু বাৰ্বুডাত তেওঁৰ গাড়ীত নৈশ ভোজনৰ বাবে যোৱা দেখা গৈছিল । তেওঁৰ কৰ্মচাৰীসকলে গাড়ীখন উদ্ধাৰ কৰাৰ পাচতে তেওঁ নিৰুদ্দেশ হোৱাৰ খবৰ দিছিল । ব্যৱসায়ীজনৰ উকীল বিজয় আগৰৱালে নিশ্চিত কৰিছিল যে চোকচি দেওবাৰৰ পৰা সন্ধানহীন হৈ আছিল ।