অসম

assam

ETV Bharat / bharat

বাহন নহয়, ঘোঁৰাত উঠি কাৰ্যালয়লৈ যাব বাৰাণসীৰ অধিবক্তা ! - উত্তৰ প্ৰদেশৰ বাৰাণসী

ইন্ধন চালিত বাহন চলাই কাৰ্যালয়লৈ অহা-যোৱা কৰোতে শেষ হৈছে পকেটৰ ধন । অৱশেষত উপায় বিচাৰি পালে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ এগৰাকী অধিবক্তাই । ইন্ধন চালিত বাহন এৰি এটা ঘোঁৰা ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে অধিবক্তাগৰাকীয়ে ।

ইন্ধনৰ মূল্যবৃদ্ধিঃ কাৰ্যালয়লৈ অহা-যোৱা কৰিবলৈ ঘোঁৰা ক্ৰয় কৰিব বাৰাণসীৰ অধিবক্তাই
ইন্ধনৰ মূল্যবৃদ্ধিঃ কাৰ্যালয়লৈ অহা-যোৱা কৰিবলৈ ঘোঁৰা ক্ৰয় কৰিব বাৰাণসীৰ অধিবক্তাই

By

Published : Mar 2, 2021, 6:01 PM IST

নেশ্যনেল ডেস্ক, ২ মাৰ্চ: ইন্ধনৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে দেশবাসীক । ইন্ধনৰ বৰ্দ্ধিত মূল্যৰ বাবে ইন্ধন চালিত বাহন চলাবলৈও চিন্তা কৰিবলগীয়া হৈছে সাধাৰণ লোকে । সেয়ে, বাহন এৰি ঘোঁৰাত উঠি কাৰ্যালয়লৈ যাবলৈ ঠিৰাং কৰিছে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ এগৰাকী অধিবক্তাই । বাৰাণসীৰ ড০ হৰিশ চন্দ্ৰ মৌৰ্য নামৰ এই অধিবক্তাগৰাকীয়ে শেহতীয়াকৈ ঘোঁৰা চলোৱাৰ প্ৰশিক্ষণ গ্ৰহণৰ বাবে ঘোঁৰা চালনাৰ প্ৰশিক্ষণ দিয়া আৰক্ষীক আবেদন জনাইছে ।

তেওঁ কয় যে, কাৰ্যালয়লৈ অহা-যোৱা কৰিবলৈ তেওঁ এটা ঘোঁৰা ক্ৰয় কৰিব । সেয়ে, জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত তেওঁ আবেদন দাখিল কৰিছে । আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তাৰ বাবে তেওঁ এতিয়া অপেক্ষা কৰি আছে ।

প্ৰশিক্ষণ প্ৰদানৰ বাবে তেওঁ আৰক্ষী বিষয়াগৰাকীক অনুৰোধ জনাইছে । ঘোঁৰা চালনা আৰক্ষী গোটৰ বিষয়া ৰাম কুমাৰ যানবাহন আৰক্ষীয়ে পৰিচালনা কৰা ঘোঁৰা চালনা বিদ্যালয়খনত ১৫ দিনীয়া প্ৰশিক্ষণ প্ৰদান কৰা হয় আৰু ১০ বছৰৰ উৰ্ধ্বৰ সকলো আগ্ৰহী লোকে প্ৰশিক্ষণ গ্ৰহণৰ বাবে আবেদন জনাব পাৰে ।

লগতে পঢ়ক:৯ মাৰ্চত নিকিতা জেকবৰ অগ্ৰিম জামিনৰ শুনানি

ABOUT THE AUTHOR

...view details