অসম

assam

ETV Bharat / bharat

Fuel crisis in Tripura : ত্ৰিপুৰাত ইন্ধনৰ তীব্ৰ নাটনি - ত্ৰিপুৰাত পেট্ৰল আৰু ডিজেলৰ ভয়ংকৰ নাটনি

ত্ৰিপুৰাত পেট্ৰ'ল আৰু ডিজেলৰ ভয়ংকৰ নাটনি (Fuel crisis in Tripura)। দুচকীয়া বাহনত এবাৰত মাত্ৰ ২০০ টকাৰ হে তেল ভৰাব পাৰিব । ঠিক তেনেদৰে তিনিচকীয়া বাহনত ৩০০ টকা আৰু চাৰিচকীয়াত সৰ্বাধিক ১০০০ টকাৰ তেল ভৰাব পাৰিব । অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ নাটনি হোৱাৰো আশংকা আছে !

Fuel crisis in Tripura
ত্ৰিপুৰাত ইন্ধনৰ তীব্ৰ নাটনি

By

Published : May 19, 2022, 5:26 PM IST

আগৰতলা,১৯ মে' :ত্ৰিপুৰাত ইন্ধনৰ তীব্ৰ নাটনি হৈছে (Fuel crisis in Tripura)। পেট্ৰ'ল, ডিজেলৰ উপৰিও অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিয়ে দেখা দিব পাৰে ৰাজ্যখনত । ত্ৰিপুৰাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে দুচকীয়া, তিনিচকীয়া আৰু চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত পেট্ৰ'ল-ডিজেল ক্ৰয়ৰ সীমা নিৰ্ধাৰণ কৰিছে । বিভাগৰ নিৰ্দেশনা অনুসৰি দুচকীয়া বাহন ব্যৱহাৰ কৰা লোকসকলে এবাৰত ২০০ টকালৈকে পেট্ৰ'ল ক্ৰয় কৰিব পাৰিব ।

আনহাতে তিনিচকীয়া বাহনৰ বাবে ৩০০ টকা আৰু চাৰিচকীয়া বাহনৰ বাবে ১০০০ টকাৰ হে ইন্ধন ক্ৰয় কৰিব পাৰিব । পেট্ৰ'ল-ডিজেলৰ নাটনিৰ বাবেই এই সীমা নিৰ্ধাৰণ কৰিছে বিভাগীয় কৰ্তৃপক্ষই ।এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে এতিয়ালৈকে ত্ৰিপুৰাত অত্যাৱশ্যকীয় সামগ্ৰীৰ কোনো অভাৱ নাই অৱশ্যে ৫ৰ পৰা ৬ দিনৰ পাছত এই ক্ষেত্ৰত প্ৰভাৱ পৰিব পাৰে । এই পৰিস্থিতিত এতিয়া চিন্তিত ত্ৰিপুৰাবাসী লগতে চৰকাৰ ।

উল্লেখ্য যে শেহতীয়াকৈ বানপানী আৰু ভূমিস্খলনৰ কৱলত পৰিছে অসম (Flood and Landslide in Assam)। বিশেষকৈ অসমৰ ডিমা হাছওত হোৱা ভূমিস্খলনৰ ফলত ৰেল যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে । ত্ৰিপুৰাৰ সংযোগী ৰেলসেৱা সম্প্ৰতি বন্ধ হৈ পৰিছে ।

জানিব পৰা মতে উত্তৰ-পূব সীমান্ত ৰে'লৱেই (NFR) ইতিমধ্যে ত্ৰিপুৰা, দক্ষিণ অসম, মণিপুৰ আৰু মিজোৰামলৈ ৰে'ল সেৱা ২৫ মে'লৈকে স্থগিত ৰাখিছে (Train services to Tripura suspended)। যিহেতু ত্ৰিপুৰাই বেছিভাগ সময়তে ৰেলপথৰ জৰিয়তে পেট্ৰ'লিয়াম সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী আমদানি কৰে । সেয়ে ৰাজ্যখনত পোনপটীয়াভাৱে ইয়াৰ প্ৰভাৱ পৰিছে (Natural calamity in Assam affects Tripura)।

কিন্তু ৰাজ্যখনক এই সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে । চৰকাৰী বিষয়াগৰাকীয়ে জনোৱা মতে ৰাষ্ট্ৰীয় ঘাইপথেৰে ট্ৰাকৰ জৰিয়তে সকলো অত্যাৱশ্যকীয় সামগ্ৰী আৰু পেট্ৰ'লিয়াম সামগ্ৰী অনাৰ বাবে চৰকাৰে প্ৰচেষ্টা চলাইছে । চৰকাৰে ভাৰতীয় খাদ্য নিগম আৰু অইল ইণ্ডিয়াৰ সৈতে গুৰুত্ব সহকাৰে আলোচনা কৰিছে । যিহেতু ৰেলপথ পুনৰুদ্ধাৰৰ বাবে ২ মাহৰো অধিক সময়ৰ প্ৰয়োজন হ'ব সেয়ে ট্ৰাকৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰী যোগানৰ বাবে ভাৰতীয় খাদ্য নিগম আৰু অইল ইণ্ডিয়াই ব্যৱস্থা গ্ৰহণ কৰিব ।

লগতে পঢ়ক :Journalist attacked in Tripura : সাংবাদিকক আক্ৰমণ কৰি নিলম্বিত হ'ল ত্ৰিপুৰাৰ আৰক্ষী

ABOUT THE AUTHOR

...view details