অসম

assam

By

Published : Jan 2, 2023, 9:39 PM IST

ETV Bharat / bharat

Delhi Kanjhawala Case: দিল্লীৰ কাঞ্জাৱালকাণ্ডৰ 5 অভিযুক্তক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰৰণ

দিল্লীৰ কাঞ্জাৱালাত যুৱতীক বাহনেৰে চোঁচৰাই লৈ যোৱা কাণ্ডত (Delhi Kanjhawala Case) জড়িত 5 অভিযুক্তক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷ ফৰেনচিক বিভাগৰ পৰীক্ষাত গাড়ীখনৰ ভিতৰত কোনোধৰণৰ প্ৰমাণ লাভ কৰা নাই যদিও চকাৰ ওচৰত তেজৰ দাগ লাভ কৰা গৈছে ৷

Delhi Kanjhawala Case
দিল্লীৰ কাঞ্জাৱালকাণ্ডৰ 5 অভিযুক্তক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰৰণ

নিউজ ডেস্ক, 2 জানুৱাৰী: 31 ডিচেম্বৰৰ নিশা দিল্লীৰ কাঞ্জাৱালত উলংগ অৱস্থাত যুৱতীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে (Delhi Kanjhawala Case)৷ সুৰাপায়ী উদণ্ড যুৱকৰ দলে প্ৰায় 4 কিলোমিটাৰ দূৰ চোঁচৰাই নিছিল এগৰাকী স্কুটী আৰোহী যুৱতীক (Girl dragged for 4 km by five boys) ৷ ইয়াৰ পাছতে উলংগ অৱস্থাত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ । ঘটনা সন্দৰ্ভত এই পৰ্যন্ত আটক কৰা হৈছে ৫ টা অভিযুক্তক (Accused of Delhi Kanjhawala Case)৷

তদন্ত প্ৰক্ৰিয়াৰ অংশ হিচাবে ফৰেনচিক বিজ্ঞানাগাৰৰ (এফএছএল) এটা দলে ইতিমধ্য পৰীক্ষা সম্পন্ন কৰিছে ৷ যুৱকৰ দলটোৱে ব্যৱহাৰ কৰা পৰীক্ষাৰ সময়ত বেলেনো গাড়ীখনৰ ভিতৰত তেজৰ নমুনা লাভ নকৰিলে ৷ যুৱতীগৰাকীৰ চুলিও গাড়ীৰ ভিতৰত পোৱা নগ'ল । এফএছএল দলটোৱে গাড়ীখনৰ তলৰ ফালে টায়াৰৰ ওচৰত তেজৰ দাগ প্ৰত্যক্ষ কৰে ৷ আনহাতে, দিল্লীৰ ৰোহিণী আদালতে পাঁচোজন অভিযুক্তক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে ৷ আৰক্ষীয়ে অধিক তদন্ত আৰু প্ৰমাণ সংগ্ৰহৰ বাবে পাঁচ দিনৰ জিম্মাত বিচাৰিছিল অভিযুক্ত কেইগৰাকীক (Delhi mishap updates)৷

দিল্লী আৰক্ষীৰ আইন-শৃংখলা শখাৰ বিশেষ আৰক্ষী আয়ুক্ত সাগৰপ্ৰীত হুদাই এক সংবাদমেলযোগে এই কথা সদৰী কৰিছে ৷ আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে কয় যে, দেওবাৰে পুৱা উদ্ধাৰ কৰা হৈছিল যুৱতীগৰাকীৰ মৃতদেহ ৷ এই সন্দৰ্ভত ইতিমধ্যে কেইবাটাও ধাৰাত এটা গোচৰ ৰুজু কৰাৰ লগতে আৰু এখন চিকিৎসা পৰিষদ গঠন কৰা হৈছে । ইয়াৰোপৰি তদন্ত প্ৰক্ৰিয়াৰ বাবে ফৰেনচিক দলৰ সহায় লোৱা হৈছে ৷

ঘটনা সন্দৰ্ভত আটক কৰা পাঁচজন অভিযুক্তক তিনিদিনৰ জিম্মাত লোৱা হৈছে ৷ আৰক্ষীয়ে যিমান সম্ভৱ সোনকালে তদন্ত সম্পূৰ্ণ কৰি অভিযোগনামা দাখিল কৰিব বুলি জানিবলৈ দিয়ে সাগৰপ্ৰীত হুদাই । ঘটনা সন্দৰ্ভত সকলো প্ৰমাণ সংগ্ৰহ কৰাৰ পিছত অভিযুক্তক কঠোৰতম শাস্তি প্ৰদান কৰা হ'ব বুলিও তেওঁ জানিবলা দিয়ে ৷

সাগৰপ্ৰীত হুদাই লগতে কয় যে, যুৱতীগৰাকীক ১০ ৰ পৰা ১২ কিলোমিটাৰ পৰ্যন্ত চোঁচৰাই লৈ যোৱা হৈছিল । এই সময়ছোৱাত যুৱতীগৰাকীৰ শৰীৰটো কোনো সময়ত পছত পৰি গৈছিল ৷ এই পৰ্যন্ত অভিযুক্তকেইজনে প্ৰকাশ কৰা মন্তব্য বিশ্বসত ল’ব পৰা নাই বুলিও তেওঁ জানিবলৈ দিয়ে ৷ সম্প্ৰতি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনকে ধৰি আন বহুতো দিশ অনুসন্ধান কৰি থকাৰ লগতে এখন চিকিৎসা পৰিষদো গঠন কৰা হৈছে বুলি আৰক্ষী আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে । কেৱল চিকিৎসা পৰিষদৰ প্ৰতিবেদনৰ আধাৰতহে তদন্তৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে ৷

সাগৰপ্ৰীত হুদাই কয় যে, গোচৰটোত ৫ জন অভিযুক্তক আটক কৰা হৈছে । ফৰেনচিকৰ দল আৰু আইন বিশেষজ্ঞসকলৰো সহায় লোৱা হৈছে এইক্ষেত্ৰত । হুদাই লগতে কয় যে, শাৰীৰিক, মৌখিক, চিচিটিভি আৰু সকলো প্ৰমাণৰ আধাৰত অভিযুক্তক কঠোৰতম শাস্তি প্ৰদান কৰা হ'ব । ভাৰতীয় দণ্ডবিধি আইনৰ ২৭৯, ৩০৪, ৩০৪(A) আৰু ১২০(B)ৰ অধীনত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে । মৰণোত্তৰ পৰীক্ষাৰ ফলাফলত লাভ কৰা তথ্য প্ৰমাণৰ ভিত্তিত পৰৱৰ্তী আইনী ব্যৱস্থা লোৱা হ'ব ৷ অৱশ্যে অভিযুক্ত লোককেইজন ক'ৰ পৰা আহিছিল সেই কথা এতিয়াও স্পষ্ট হোৱা নাই বুলি মন্তব্য কৰে আৰক্ষী আয়ুক্তগৰাকীয়ে ৷

আনহাতে যুৱতীগৰাকীক ধৰ্ষণ কৰাৰ সন্দৰ্ভত এতিয়াও স্পষ্ট হোৱা নাই দিল্লী আৰক্ষী৷ মৰণোত্তৰ পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পাছতহে এই কথা জানিবপৰা হ’ব বুলি মন্তব্য কৰে আৰক্ষী আয়ুক্ত হুদাই ৷

উল্লেখ্য যে, ঘটনা সন্দৰ্ভত ইতিমধ্যে আটক কৰা অভিযুক্তসকলৰ অন্যতম 26 বছৰীয়া দীপক খান্না পেচাত এগৰাকী গ্ৰাম্য বাছ চালক । আনজন অভিযুক্ত অমিত খান্নাই (25) উত্তম নগৰৰ এটা এছবিআই কাৰ্ড কোম্পানীত কাম কৰে । তৃতীয় অভিযুক্ত, ২৭ বছৰীয়া কৃষ্ণাই স্পেনিছ সংস্কৃতি কেন্দ্ৰত কাম কৰে । চতুৰ্থ অভিযুক্ত মিথুন নাৰায়ণে(২৬) এখন চেলুনত কাম কৰে আৰু পঞ্চম অভিযুক্ত মনোজ মিট্টাল (২৭) এজন ৰেচন ব্যৱসায়ী ৷ লগতে তেওঁ এগৰাকী বিজেপি কৰ্মী বুলিও জানিব পৰা গৈছে ৷

লগতে পঢ়ক:Delhi mishap updates: আৰক্ষীৰ জালত দিল্লীৰ কাঞ্জাৱালা কাণ্ডৰ সৈতে জড়িত পাঁচ যুৱক

ABOUT THE AUTHOR

...view details