নিউজ ডেস্ক, 20 অক্টোবৰ :আমি সততে শুনিবলৈ নতুবা দেখিবলৈ পাওঁ হিন্দু-মুছলিমৰ মাজত থকা আক্ৰোশ আৰু বিভেদৰ কথা ৷ প্ৰকৃত সত্য এইটোৱেই যে ধৰ্মীয় গোড়ামিৰ বেছিভাগ ঋণাত্মক বাতৰিয়েই শীৰ্ষস্থান দখল কৰে ৷ ইয়াৰ সমান্তৰালকৈ কিন্তু সমাজলৈ ঐকৰ বাৰ্তা কঢ়িওৱা বহু সংখ্যক ধনাত্মক বাতৰিও আছে যিবোৰৰ প্ৰচাৰ কমকৈ হয় ৷
আজিও ভাৰতবৰ্ষত জীয়াই আছে হিন্দু-মুছলিমৰ মাজত এৰাব নোৱাৰা সম্পৰ্ক ৷ মছজিদ-মন্দিৰ কৰি বিভাজন আনিবলৈ বিচাৰি থকাসকলে জানি আচৰিত হ’ব যে বিহাৰৰ ভাগলপুৰৰ এটা মুছলিম সম্প্ৰদায়ৰ পৰিয়ালে বছৰ বছৰ ধৰি নৱৰাত্ৰিৰ সময়ত মন্দিৰত শ্বেহনাই বজায় ৷ হত্যা-হিংসা, মাৰপিট, গোষ্ঠীগত তথা ধৰ্মীয় বিভেদৰ মাজত এনে এটা খবৰে নিশ্চয় সমাজৰ বাবে এক যোগাত্মক বাৰ্তা কঢ়িয়াই আনিব ৷
বিহাৰৰ ভাগলপুৰত বুধনাথ মন্দিৰৰ চৌহদত থকা মা দুৰ্গাৰ প্ৰতিমূৰ্তিৰ সমীপত এটি মুছলিম সম্প্ৰদায়ৰ পৰিয়ালে তিনিটা প্ৰজন্ম ধৰি জগত জননীক সন্তুষ্ট কৰিবলৈ শ্বেহনাই বজাই আহিছে । এই মুছলমান পৰিয়ালটোৱে মন্দিৰত পুৱা আৰু গধূলি শ্বেহনাই বজাই গংগা-জমুনী সংস্কৃতিৰ আদৰ্শ দাঙি ধৰি আহিছে । দুটা ধৰ্মৰ একতা আৰু বিশ্বাসৰ মাজত যেন গোড়ামিৰ দেৱাল ভাঙি পৰিছে ।
মন্দিৰত উপস্থিত থকা লোকসকলে কৈছিল যে মাতা ৰাণীয়ে ১০০ বছৰৰ আগতে এই মুছলমান পৰিয়ালটোক উদ্ধাৰ কৰিছিল ৷ তেতিয়াৰ পৰাই পৰিয়ালটোৱে মাতা ৰাণীৰ প্ৰতি অগাধ বিশ্বাস গঢ়ি তোলে । নৱৰাত্ৰিৰ ৰাতিপুৱা আৰু সন্ধিয়া ভাগলপুৰৰ বুধনাথ মন্দিৰত এই পৰিয়ালটোৰ কেইবাটাও প্ৰজন্মই শ্বেহনাই বজাই আহিছে । ওস্তাদ ইলিলা খানৰ পৰিয়ালে তেওঁলোকৰ পূৰ্বপুৰুষৰ এই পৰম্পৰাক উত্তৰ প্ৰজন্মলৈ বিয়পাই দিছে । এই পৰিয়ালটোৰ মাতা ৰাণীৰ ওপৰত আছে অপৰিসীম বিশ্বাস ।