অসম

assam

ETV Bharat / bharat

বন্ধুত্বই যিকোনো সমস্যা সমাধান কৰিব পাৰে: শ্বেখ হাছিনা

ৰাষ্ট্ৰপতি ভৱনত সাংবাদিকৰ সৈতে বাৰ্তালাপত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই কয় যে মোডীৰ সৈতে তেওঁৰ আলোচনাত তেওঁলোকৰ নিজ নিজ দেশৰ জনসাধাৰণৰ অৱস্থা উন্নত কৰা, দৰিদ্ৰতা দূৰীকৰণ আৰু অৰ্থনৈতিক বিকাশৰ ওপৰত গুৰুত্ব দিয়া হ'ব (Sheikh Hasina at Rashtrapati Bhawan) ।

By

Published : Sep 6, 2022, 11:32 AM IST

Hasina
Hasina

নিউজ ডেস্ক, ৬ ছেপ্টেম্বৰ : বন্ধুত্বৰ দ্বাৰা যিকোনো সমস্যা সমাধান কৰিব পাৰি । নিজৰ চাৰিদিনীয়া ভাৰত ভ্ৰমণ আৰম্ভণিৰ সময়ত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই মঙলবাৰে এনেদৰে কয় । উল্লেখ্য, আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰপতি ভৱনৰ ফ'ৰক'ৰ্টত হাছিনাক আদৰণি জনায় (Modi welcomed Hasina at Rashtrapati Bhawan) । তাত তেওঁক তিনিওটা বাহিনীৰ দ্বাৰা গাৰ্ড অব অনাৰ প্ৰদান কৰা হয় (Hasina accorded guard of honour) ।

ৰাষ্ট্ৰপতি ভৱনত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত হাছিনাই কয় যে মোডীৰ সৈতে তেওঁৰ আলোচনাত তেওঁলোকৰ নিজ নিজ দেশৰ জনসাধাৰণৰ অৱস্থা উন্নত কৰা, দৰিদ্ৰতা দূৰীকৰণ আৰু অৰ্থনৈতিক বিকাশৰ ওপৰত গুৰুত্ব দিয়া হ'ব ।

"আমাৰ মূল লক্ষ্য হৈছে অৰ্থনীতিৰ বিকাশ আৰু আমাৰ জনসাধাৰণৰ মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰা । বন্ধুত্বৰ দ্বাৰা আপুনি যিকোনো সমস্যা সমাধান কৰিব পাৰে । গতিকে আমি সদায় সেয়ে কৰোঁ ।" হাছিনাই কয় । উল্লেখ্য, হাছিনাই ৰাজঘাটলৈ গৈ মহাত্মা গান্ধীৰ স্মৃতিসৌধতো পুষ্পাঞ্জলি অৰ্পণ কৰে (Hasina tributes to Mahatma Gandhi at Rajghat) ।

উল্লেখ্য, চাৰিদিনীয়া ভ্ৰমণসূচীৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা সোমবাৰে আবেলি দিল্লীত উপস্থিত হয় (Hasina arrived New Delhi) । মঙলবাৰে দিনটোৰ শেষৰ ফালে মোডীৰ সৈতে দ্বিপাক্ষিক আলোচনাত বহাৰ কথা আছে (Sheikh Hasina bilateral talks with Modi) । আনহাতে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সোমবাৰে সন্ধিয়া হাছিনাক সাক্ষাৎ কৰে (Hasina met External Affairs Minister S Jaishankar) । আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানিয়েও সোমবাৰে সন্ধিয়া বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে ।

উক্ত ভ্ৰমণসূচীৰ সময়ছোৱাত হাছিনাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু (Hasina call on President Droupadi Murmu) আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰকো সাক্ষাৎ কৰিব । হাছিনাই ইতিমধ্যে সোমবাৰে ৰাষ্ট্ৰীয় ৰাজধানীৰ নিজামুদ্দিন আউলিয়া দৰগাহ পৰিদৰ্শন কৰে (Hasina visited Nizamuddin Aulia Dargah) আৰু বৃহস্পতিবাৰে আজমীৰ শ্বৰীফ ভ্ৰমণ কৰাৰ কথা আছে ।

প্ৰণিধানযোগ্য যে বাংলাদেশ বৰ্তমান দক্ষিণ এছিয়াত ভাৰতৰ আটাইতকৈ ডাঙৰ বাণিজ্য অংশীদাৰ আৰু বিগত পাঁচ বছৰত দ্বিপাক্ষিক বাণিজ্য ৯ বিলিয়ন আমেৰিকান ডলাৰৰ পৰা ১৮ বিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি পাইছে । দেশখন ভাৰতৰ বাবে চতুৰ্থ সৰ্ববৃহৎ ৰপ্তানি স্থান হৈ পৰিছে । ২০২০-২১ বৰ্ষৰ ৰপ্তানি ৯.৬৯ বিলিয়ন আমেৰিকান ডলাৰৰ পৰা ২০২১-২২ বৰ্ষত ১৬.১৫ বিলিয়ন আমেৰিকান ডলাৰলৈ ৬৬ শতাংশতকৈ অধিক বৃদ্ধি পাইছে ।

লগতে পঢ়ক :ৰাষ্ট্ৰপতি ভৱনত শ্বেখ হাছিনাক উষ্ম আদৰণি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

ABOUT THE AUTHOR

...view details