অসম

assam

ETV Bharat / bharat

Again Train accident in Odisha : ওড়িশাত আকৌ ৰে’ল দুৰ্ঘটনা, লাইচ্যুত হৈছে এখন মালবাহী ৰে’ল - লাইচ্যুত হৈছে এখন মালবাহী ৰে’ল

ওড়িশাত আকৌ অঘটন ৷ সোমবাৰে ওড়িশাৰ বৰগড়ৰ ভাটলীৰ সমীপত সংঘটিত হৈছে আন এক ৰে’ল দুৰ্ঘটনা (Again Train accident in Odisha) ৷ অৱশ্যে এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ৷

Again Train accident in Odisha
ওড়িশাত আকৌ অঘটন

By

Published : Jun 5, 2023, 11:47 AM IST

Updated : Jun 5, 2023, 2:04 PM IST

নেশ্যনেল ডেস্ক, 5 জুন :ওড়িশাত আকৌ ৰে’ল দুৰ্ঘটনা (Again Train accident in Odisha)৷ ওড়িশাত শুকুৰবাৰে সংঘটিত হোৱা ৰে’ল দুৰ্ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই এইবাৰ বৰগড়ৰ ভাটলীৰ সমীপত সংঘটিত হৈছে আন এক ৰে’ল দুৰ্ঘটনা (Another frieght train derailed near bhatli of Bargarh) ৷

জানিব পৰা মতে, এখন মালবাহী ৰে’লে চূণশিল কঢ়িয়াই নি আছিল ৷ তেনেতে হঠাৎ লাইনচ্যুত হৈ পৰে মালবাহী ৰে’লখন ৷ ফলত বাগৰি পৰে মালবাহী ৰে’লখনৰ কেবাটাও ডবা ৷ শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি, এই ৰে’ল দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই ।

তথ্য অনুসৰি, দুৰ্ঘটনাত পতিত হোৱা মালবাহী ৰে’লখনৰ মালিকীস্বত্ব আছে এটা ব্যক্তিগত চিমেণ্ট কোম্পানীৰ হাতত ৷ এই ৰে’ল পথটোৰ জৰিয়তে কেৱল চূণশিল নিৰ্মাণ ইউনিটলৈ চূণশিল কঢ়িয়াই নিয়াৰ বাবেহে ব্যৱহাৰ কৰা হয় । ব্যক্তিগত চিমেণ্ট কোম্পানীটোৰ অধীনত থকাৰ বাবে এই বিষয়ত ৰে’লৱেৰ কোনোধৰণৰ ভূমিকা পালন কৰা নাই ৷

ইফালে ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে চিমেণ্ট কোম্পানীটোৰ শীৰ্ষ বিষয়া আৰু আৰক্ষীৰ লোক উক্ত স্থানত উপস্থিত হৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে (Odisha Goods train derail) ।

উল্লেখ্য যে, শুকুৰবাৰে ওড়িশাৰ বালাচোৰত সংঘটিত হৈছিল ট্ৰিপল ৰে’ল দুৰ্ঘটনা ৷ এই ৰে’ল দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য (Triple train crash in Odisha) ৷ শেহতীয়াকৈ জানিব পৰা মতে, এই ৰে’ল দুৰ্ঘটনাত ইতিমধ্যে মৃত্যু হৈছে ২৭৫ জন লোকৰ । ইয়াৰে ভিতৰত ৮৮ টা মৃতদেহ চিনাক্ত কৰা হৈছে ৷

প্ৰশাসনৰ ফালৰ পৰা জনোৱা মতে, যাত্ৰীবাহী ৰে’লৰ ক্ষতিগ্ৰস্ত ডবাবোৰৰ পৰা ৪৪ জন যাত্ৰীক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে ৷ ইয়াৰ বিপৰীতে সেই একেটা স্থানৰ পৰা একে সময়তে ১১২ জন যাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৷

লগতে পঢ়ক :Triple train crash in Odisha : মৃতদেহ চিনাক্তকৰণত আহিছে বাধা, DNA ৰ জৰিয়তে মৃতদেহ চিনাক্ত কৰা হ’ব

Last Updated : Jun 5, 2023, 2:04 PM IST

ABOUT THE AUTHOR

...view details