অসম

assam

ETV Bharat / bharat

কৰ'ণাৰ বাবে ডেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানৰ সকলো প্ৰশিক্ষণ স্থগিত - Uttrakhand

১৪ গৰাকী প্ৰশিক্ষাৰ্থী আইএফএছ বিষয়াই কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছতে ডেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানৰ সকলো প্ৰশিক্ষণ স্থগিত ৰখা হৈছে । পৰৱৰ্তী ৩ দিনৰ বাবে দেওবাৰলৈকে সকলো প্ৰশিক্ষণ সম্পৰ্কীয় কাৰ্যকলাপ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে । সোমবাৰৰ পৰা পৰৱৰ্তী ১০ দিনৰ বাবে প্ৰশিক্ষাৰ্থীসকলক অনলাইন প্ৰশিক্ষণ প্ৰদান কৰা হ'ব ।

কৰ'ণাৰ বাবে ডেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানৰ সকলো প্ৰশিক্ষণ স্থগিত
কৰ'ণাৰ বাবে ডেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানৰ সকলো প্ৰশিক্ষণ স্থগিত

By

Published : Apr 8, 2021, 7:07 PM IST

নেশ্যনেল ডেস্ক,৮ এপ্ৰিল:ক'ভিড-১৯ৰ সংক্ৰমণে ডেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানৰ সকলো প্ৰশিক্ষণ স্থগিত ৰখা হৈছে । ১৪ গৰাকী প্ৰশিক্ষাৰ্থী আইএফএছ বিষয়াই কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে । ইফালে প্ৰায় ২৯ গৰাকী প্ৰশিক্ষাৰ্থী আই.এফ.এছ. বিষয়া আৰু ৬৭ গৰাকী কৰ্মচাৰীৰ পৰীক্ষাৰ ফলাফল এতিয়াও আহিবলৈ বাকী আছে ।

মঙলবাৰে 8 গৰাকী প্ৰশিক্ষাৰ্থী আই.এফ.এছ. বিষয়া আক্ৰান্ত হৈছিল । বুধবাৰে আন ৬ গৰাকী প্ৰশিক্ষাৰ্থীৰ প্ৰতিবেদন পজিটিব আহিছিল । পৰীক্ষাৰ প্ৰতিবেদন অনুসৰণ কৰি, প্ৰতিষ্ঠানটোৱে সকলো প্ৰশিক্ষাৰ্থী আৰু কৰ্মচাৰীৰ আৰটি-পিচিআৰ পৰীক্ষা সম্পন্ন কৰিছিল।

প্ৰতিষ্ঠানটোৱে পৰৱৰ্তী ৩ দিনৰ বাবে দেওবাৰলৈকে সকলো প্ৰশিক্ষণ সম্পৰ্কীয় কাৰ্যকলাপ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে । সোমবাৰৰ পৰা পৰৱৰ্তী ১০ দিনৰ বাবে প্ৰশিক্ষাৰ্থীসকলক অনলাইন প্ৰশিক্ষণ প্ৰদান কৰা হ'ব । এফআৰআইয়ে পৰৱৰ্তী ১০ দিনৰ বাবে চৌহদৰ ভিতৰত কোনো দৰ্শনাৰ্থী আৰু যাত্ৰীক অনুমতি নিদিয়াৰ সিদ্ধান্ত লৈছে ।

আনহাতে উত্তৰাখণ্ডত দৈনিক ক'ভিড সংক্ৰমণ বৃদ্ধি হোৱা দেখা গৈছে । ৬ মাহৰ ব্যৱধানৰ পিছত, ৰাজ্যখনৰ দৈনিক সংক্ৰমণ ১০০০ ৰো অধিক হৈছে। বুধবাৰে ৰাজ্যখনৰ ১০ খন জিলাৰ পৰা ১১০৯ টা নতুন ঘটনা পোহৰলৈ আহিছে আৰু লগতে ৫ গৰাকী লোকৰ মৃত্যু হৈছে । ৰাজ্যখনত মুঠ সংক্ৰমিত ৰোগীৰ সংখ্যা হৈছে ১,০৪,৭১১ টা ।

লগতে পঢ়ক:কৰ্ণাটকত যোগ্যসকলক কৰ্মস্থলীতে প্ৰদান কৰা হ'ব ক'ভিড প্ৰতিষেধক

ABOUT THE AUTHOR

...view details