মণিপুৰ, 2 জুন:কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মণিপুৰ ত্যাগৰ পিচতে পুনৰ হিংসাত্মক ঘটনাই গা কৰি উঠিছে ৰাজ্যখনত ৷ বিদায়ৰ পূৰ্বে গৃহমন্ত্ৰী অমিত শ্বাহে সকলোকে শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে কুকি উগ্ৰপন্থীসকলক ছাচপেনচন অৱ অপাৰেচন (SoO)ৰ ভিত্তি নিয়ম উলংঘা নকৰিবলৈ সকীয়াই দিয়ে । কিন্তু তাৰ পাচতো কুকি উগ্ৰপন্থীয়ে শুকুৰবাৰে গুলীচালনা কৰে সাধাৰণ লোকক উদ্দেশ্যি ৷ এই ঘটনাত কেইবাজনো লোক গুৰুতৰভাৱে আহত হোৱাৰ তথ্য পোৱা গৈছে (Violence in Manipur)৷
এটা স্থানীয় সূত্ৰই জনোৱা মতে, মণিপুৰৰ পশ্চিম ইম্ফল জিলাৰ কাংচুপ চিংখং অঞ্চলত কুকি উগ্ৰপন্থীয়ে নিৰ্বিচাৰভাৱে গুলী চালনা কৰে সাধাৰণ নাগৰিকক উদ্দেশ্যি ৷ এই ঘটনাত 4 গৰাকী নাগৰিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় (Manipur Violence updates) ৷
গাঁওবাসীয়ে সংবাদ মাধ্যমক জনোৱা মতে, অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত এটা বৃহৎ কুকি উগ্ৰপন্থীৰ দলে কাংচুপ চিংখং অঞ্চলৰ আবুলোক অঞ্চলত প্ৰবেশ কৰি সাধাৰণ নাগৰিকৰ ঘৰবোৰ জ্বলাই দিয়াৰ চেষ্টা কৰে ৷ কিন্তু গাঁওবাসীয়ে উগ্ৰপন্থীৰ দলটোক বাধা দিবলৈ চেষ্টা কৰাত তেওঁলোকৰ ওপৰত নিৰ্বিচাৰে গুলীবৰ্ষণ কৰে (Kuki militant attack on civilians) ৷
লগতে পঢ়ক:Amit Shah Manipur Visit : অমিত শ্বাহৰ আবেদনৰ প্ৰতি সঁহাৰি; মণিপুৰত আৰক্ষীক হস্তান্তৰ ১৪০ অস্ত্ৰ
ঘটনাটো সংঘটিত হয় শুকুৰবাৰে দিনৰ প্ৰায় 2.20 বজাত ৷ চাৰিগৰাকী নাগৰিক এই গুলীচালনাত গুৰুতৰভাৱে আহত হয় ৷ ইয়াৰে তিনিগৰাকী গুলীবিদ্ধ হোৱাৰ বিপৰীতে আন এগৰাকী মৰ্টাৰ আক্ৰমণৰ ফলত স্প্লিন্টাৰৰ দ্বাৰা আঘাতপ্ৰাপ্ত হয় ৷ তাৰ পাচতেই কুকি উগ্ৰপন্থী আৰু ৰাজ্যিক নিৰাপত্তা বাহিনীৰ মাজত গুলীয়াগুলী সংঘটিত হোৱাত পৰিস্থিতি এতিয়াও অস্থিৰ হৈ আছে (Kuki militants in Manipur) ৷
মণিপুৰত নতুনকৈ দায়িত্ব অৰ্পণ কৰা আৰক্ষী অধীক্ষক ৰাজীৱ সিঙক ৰাজ্যপাল অনুসূয়া উইকীয়ে ৰাজভৱনলৈ মাতি পঠিয়াই আৰু ঘটনা সন্দৰ্ভত আলোচনা কৰে ৷ লগতে ৰাজ্যখনত শান্তি প্ৰতিষ্ঠাৰ বাবে ল’বলগীয়া ব্যৱস্থা সন্দৰ্ভতো বুজ লয় ৰাজ্যপালগৰাকীয়ে ৷ ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি পুনৰুদ্ধাৰৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ ৰাজ্যপালগৰাকীয়ে নিৰ্দেশ দিয়ে (attacks on civilian at Kangchup Chingkhong) ।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে গ্ৰহণ কৰা ব্যৱস্থাসমূহ মানি চলিবলৈ ৰাজ্যপালে সকলোকে আহ্বান জনায় ৷ ই ৰাজ্যখনত স্বাভাৱিকতা পুনৰুদ্ধাৰ তথা শান্তি প্ৰতিষ্ঠা কৰাত নিশ্চিতভাৱে সহায় কৰিব বুলি মত প্ৰকাশ কৰে ৰাজ্যপাল উইকীয়ে ।