নিউজ ডেস্ক, ১ ডিচেম্বৰ :শীতৰ আগমনৰ লগে লগে মনোমোহা হৈ পৰিছে জম্মু-কাশ্মীৰৰ প্ৰাকৃতিক পৰিৱেশ । বিশেষকৈ তুষাৰপাতৰ মনোমোহা দৃশ্যই পৰ্যটকসকলক আকৰ্ষিত কৰি তুলিছে । জম্মু-কাশ্মীৰৰ বিশ্ববিখ্যাত পৰ্যটন আৰু স্কিয়িং স্থলী হৈছে গুলমাৰ্গ । বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ গুলমাৰ্গত বছৰৰ প্ৰথম তুষাৰপাত হয় । যাৰ ফলত গছ-গছনি, পৰ্বত-পথ আদি বৰফৰ আচ্ছাদনেৰে ঢাক খাই পৰে ।
গছৰ ডালবোৰো বৰফৰ আৱৰণেৰে শুভ্ৰ হৈ পৰে । এই দৃশ্য উপভোগ কৰি পৰ্যটকসকল আপ্লুত হৈ পৰে । গছৰ ডালত লাগি থকা শুভ্ৰ বৰফৰ কণিকাৰ যি অপৰূপ সৌন্দৰ্য সেয়া সকলো দৃষ্টিকোণৰ পৰায়ে উপভোগ্য আৰু জম্মু-কাশ্মীৰলৈ যোৱা কোনো পৰ্যটকে সেয়া এৰাই চলিব নোৱাৰে । সেয়েহে এই অপৰূপ সৌন্দৰ্য উপভোগৰ বাবে পৰ্যটকসকল বাৰামুলাত উপস্থিত হয় ।
উল্লেখ্য যে, গুলমাৰ্গ হৈছে বিশ্বৰ আটাইতকৈ অবিশ্বাস্য পৰ্যটন স্থলসমূহৰ ভিতৰত এটা । আনহাতে, তুষাৰপাতৰ বতৰত ইয়াৰ দৃশ্য অতি আকৰ্ষণীয় আৰু এই চালে চকু ৰোৱা প্ৰাকৃতিক পৰিৱেশৰ বাবে ই বিখ্যাত । এই শুভ্ৰ বৰফৰ অনুভূতি অনুভৱ কৰিবলৈ প্ৰতিবছৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক পৰ্যটকৰ ভিৰ হয় । ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে পুঞ্চতো প্ৰচণ্ড তুষাৰপাত হৈছিল ।