অসম

assam

ETV Bharat / bharat

Fresh clashes in Manipur : মণিপুৰত সংঘৰ্ষৰ মাজতে ৪০ উগ্ৰপন্থী নিধন - Clashes in Manipur

হিংসাজৰ্জৰ মণিপুৰত ৪০ উগ্ৰপন্থীক নিধন (Security forces killed militants in Manipur)। বহু কুকি উগ্ৰপন্থীক গ্ৰেপ্তাৰ । মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ।

Fresh clashes in Manipur
মণিপুৰত সংঘৰ্ষৰ মাজতে ৪০ উগ্ৰপন্থীক হত্যা

By

Published : May 28, 2023, 7:07 PM IST

নেশ্যনেল ডেস্ক,২৮ মে':এতিয়াও উন্নত হোৱা নাই মণিপুৰৰ পৰিস্থিতি (Manipur violence)। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা, অসম ৰাইফলছ আৰু প্ৰশাসনৰ প্ৰচেষ্টা অব্যাহত আছে । এনে এক পৰিৱেশৰ মাজতে নিৰাপত্তাৰক্ষীৰ হাতত নিহত হৈছে ৪০ টা উগ্ৰপন্থী (40 militants killed in Manipur)। দেওবাৰে হিংসাজৰ্জৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই কথা প্ৰকাশ কৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে সাধাৰণ নাগৰিকৰ বিৰুদ্ধে অত্যাধুনিক অস্ত্ৰ ব্যৱহাৰ কৰি থকা উগ্ৰপন্থী গোটবোৰৰ বিৰুদ্ধে প্ৰতিশোধমূলক আৰু প্ৰতিৰক্ষামূলক অভিযানত প্ৰায় ৪০ টা উগ্ৰপন্থী নিহত হৈছে (Manipur CM on current situation of the state)। একাংশ উগ্ৰপন্থীক নিৰাপত্তা বাহিনীয়ে গ্ৰেপ্তাৰ কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে । তেওঁ উল্লেখ কৰা মতে দেওবাৰে মণিপুৰৰ বহু অঞ্চলত সশস্ত্ৰ গোট আৰু নিৰাপত্তা বাহিনীৰ মাজত নতুনকৈ সংঘৰ্ষ আৰম্ভ হৈছে ।

মুখ্যমন্ত্ৰী সিঙে দাবী কৰা মতে শেহতীয়া সংঘৰ্ষবোৰ কুকি উগ্ৰপন্থী আৰু সুৰক্ষা বাহিনীৰ মাজত হৈছে (Clashes in Manipur)। তেওঁ দাবী কৰা মতে সশস্ত্ৰ উগ্ৰপন্থীয়ে একে-৪৭, এম-১৬ আৰু স্নাইপাৰ ৰাইফলৰে সাধাৰণ নাগৰিকৰ ওপৰত গুলীচালনা কৰাৰ ঘটনা সংঘটিত হৈছে । এই উগ্ৰপন্থীসকলক নিৰাপত্তাৰক্ষীয়ে লক্ষ্য কৰি লৈছে । ইফালে মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক নিৰাপত্তা বাহিনীক সহযোগিতা কৰিবলৈও আহ্বান জনাইছে । মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিবলৈ আৰু সুৰক্ষা বাহিনীক সমৰ্থন কৰিবলৈ আহ্বান জনাইছে ।

সিঙে কয় যে সাধাৰণ লোকক হত্যা কৰা আৰু সম্পত্তি ধ্বংস কৰা লগতে ঘৰ জ্বলাই দিয়া বহু কুকি উগ্ৰপন্থীক জাট ৰেজিমেণ্টে বন্দী কৰিছে (Militants arrested in Manipur)।

শেহতীয়া সংঘৰ্ষৰ কথা উল্লেখ কৰি এগৰাকী শীৰ্ষ নিৰাপত্তা বিষয়াই কৈছে যে ইম্ফল পশ্চিমৰ উৰিপোকত বিজেপি বিধায়ক খোৱাৰাকপাম ৰাঘুমানী সিঙৰ ঘৰত আক্ৰমণ কৰা হৈছে আৰু তেওঁৰ দুখনকৈ বাহনত অগ্নিসংযোগ কৰা হৈছে ।

তেওঁ উল্লেখ কৰা মতে পুৱাৰ ভাগত ইম্ফল উপত্যকাৰ বিভিন্ন জিলাৰ কেইবাটাও অঞ্চলত সংঘৰ্ষ আৰম্ভ হৈছিল । তথ্য অনুসৰি, কাকচিংৰ চুগনু, চুৰাচান্দপুৰৰ কাংভি, ইম্ফল পশ্চিমৰ কাংচুপ, ইম্ফল পূবৰ চাগোলমাং, বিশেনপুৰৰ নুংগোইপোকপি, ইম্ফল পশ্চিমৰ খুৰখুল আৰু কাংপোকপিৰ ৱাইকেপিত গুলীচালনাৰ খবৰ পোৱা গৈছে ।

লগতে পঢ়ক :Army chief in Manipur: মণিপুৰৰ ৰাজ্যপালক সাক্ষাৎ সেনা প্ৰধানৰ

ABOUT THE AUTHOR

...view details