অসম

assam

ETV Bharat / bharat

উত্তৰ-পূৱ ৰেলৱে'ৰ 370 ষ্টেচনলৈ বিনামূলীয়া Wi-Fi সেৱা - ৰেলৱে' ষ্টেচনসমূহত বিনামূলীয়া Wi-Fi সেৱা

উত্তৰ-পূৱ ৰেলৱে'ৰ 370টা ষ্টেচনলৈ বৰ্তমানলৈকে বিনামূলীয়া Wi-Fi সেৱা প্ৰদান কৰিছে ভাৰত চৰকাৰে ৷ চৰকাৰৰ ডিজিটেল ইণ্ডিয়া অভিযানৰ অংশ হিচাপে গ্ৰহণ কৰা হৈছে এই সুবিধা ৷

ডিজিটেল ইণ্ডিয়া অভিযান
উত্তৰ-পূৱ ৰেলৱে'ৰ 370 ষ্টেচনলৈ বিনামূলীয়া Wi-Fi সেৱা

By

Published : Dec 29, 2020, 1:31 PM IST

নেশ্য়নেল ডেস্ক, 29 ডিচেম্বৰ : ভাৰত চৰকাৰৰ ডিজিটেল ইণ্ডিয়াৰ অংশ হিচাপে ভাৰতীয় ৰেলৱে'ই ৰেলৱে' ষ্টেচনসমূহত প্ৰদান কৰিছে যাত্ৰীৰ বাবে খৰতকীয়া আৰু বিনামূলীয়া Wi-Fi সেৱা ৷ ডিজিটেল ইণ্ডিয়াৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ৰেলৱে' ষ্টেচনসমূহত বিনামূলীয়া Wi-Fi সেৱা প্ৰদান এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টা হিচাপে চিহ্নিত হৈছে ৷

নৱেম্বৰ, 2020 ত উত্তৰ-পূৱ ৰেলৱে'ৰ আৰু দুটা ষ্টেচনক প্ৰদান কৰা হৈছে বিনামূলীয়া Wi-Fi ৷ ইয়াৰ জৰিয়তে উত্তৰ-পূৱ ৰেলৱে'ৰ 370 টা ষ্টেচনে লাভ কৰিছে বিনামূলীয়া Wi-Fi হটস্পট ৷ উল্লেখ্য যে, উত্তৰ-পূৱ ৰেলৱে'ই 10 খন ৰাজ্যক (8 খন উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য আৰু 2 খন পূৱ ভাৰতীয় ৰাজ্য) সাঙুৰি লয় ৷

উত্তৰ-পূৱ ৰেলৱে'ৰ বিনামূলীয়া Wi-Fi সেৱা লাভ কৰা 370 টা ষ্টেচনৰ 213 টা অসম, 94 টা পশ্চিমবংগ, 35 টা বিহাৰ, 20 টা ত্ৰিপুৰা, 3 টা অৰুণাচল প্ৰদেশ, 2 টা নাগালেণ্ড আৰু এটাকৈ মেঘালয়, মনিপুৰ আৰু মিজোৰামত আছে ৷

ৰেলৱে' যাত্ৰীয়ে বৰ্তমান মোবাইল এপৰ জৰিয়তে এই ষ্টেচনসমূহৰ UTS টিকেট ক্ৰয় কৰিব পাৰিব ৷ ইয়াৰোপৰি, তেওঁলোকে বিভিন্ন সা-সুবিধা তথা ৰেলসেৱাৰ বিভিন্ন তথ্য বিনামূলীয়াকৈ ৰেলৱে' ষ্টেচনৰ পৰা লাভ কৰিব পাৰিব ৷

এই বিনামূলীয়া Wi-Fi ব্যৱহাৰ কৰি বহু ছাত্ৰ-ছাত্ৰী, শ্ৰমিকৰ জীৱনলৈ বিভিন্ন পৰিৱৰ্তন অহা অনুপ্ৰেৰণামূলক আৰু উৎসাহজনক কাহিনী আমি সততে শুনিবলৈ পাঁও ৷

লগতে পঢ়ক :ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ

ABOUT THE AUTHOR

...view details