অসম

assam

ETV Bharat / bharat

Balasore Train accident : পুৰী, ভুৱনেশ্বৰ আৰু কটকৰ পৰা কলকাতালৈ বিশেষ বাছ সেৱা - Special train from Bhadrak

বালাছোৰ দুৰ্ঘটনাৰ বাবে ব্যাহত ৰে'ল সেৱা । আবদ্ধ যাত্ৰীৰ সুবিধাৰ্থে পুৰী, ভুৱনেশ্বৰ আৰু কটকৰ পৰা বাছ সেৱা আৰম্ভ (Bus service to Kolkata from Odisha)। কলকাতালৈ নিতৌ চলিব ৫০ খনকৈ বাছ ।

Balasore Train accident
পুৰী, ভুৱনেশ্বৰ আৰু কটকৰ পৰা কলকাতালৈ বিশেষ বাছ সেৱা

By

Published : Jun 4, 2023, 6:30 PM IST

নেশ্যনেল ডেস্ক,৪ জুন :বালাছোৰৰ ৰে'ল দুৰ্ঘটনাই সমগ্ৰ দেশকে জোঁকাৰি গৈছে । তিনিখনকৈ ৰে'ল দুৰ্ঘটনাত পতিত হোৱা অঞ্চলটো ধ্বংসস্তুপত পৰিণত হৈছে । পুনৰুদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে যদিও এতিয়াও ৰে'লপথ মুকলি নোহোৱাৰ বাবে বহু ৰে'ল আবদ্ধ হৈ আছে । অৰ্ধশতাধিক ৰে'ল বাতিল কৰা হৈছে (Train service cancelled due to Odisha tragedy)।

বহু যাত্ৰী এতিয়াও বিভিন্ন স্থানত আবদ্ধ হৈ আছে । যাৰ বাবে চৰকাৰে যাত্ৰীসকলৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । কলকাতালৈ স্বাভাৱিক ৰে'ল সেৱা ব্যাহত হোৱাৰ পৰিপ্ৰেক্ষিতত বিশেষ বাছ সেৱাৰ ঘোষণা কৰিছে চৰকাৰে (Govt announced bus service for stranded passengers)।

ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে দেওবাৰৰ পৰা পুৰী, ভুৱনেশ্বৰ আৰু কটকৰ পৰা কলকাতালৈ বিনামূলীয়া বাছ সেৱাৰ ঘোষণা কৰিছে । এই বাছ সেৱাৰ সমগ্ৰ ব্যয় মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা পূৰণ কৰা হ'ব (Bus service to Kolkata)।

বালাছোৰ পথত স্বাভাৱিক ৰে'ল সেৱা পুনৰুদ্ধাৰ নোহোৱালৈকে এই ব্যৱস্থা অব্যাহত থাকিব । তিনিওখন চহৰৰ পৰা দৈনিক প্ৰায় ৫০ খন বাছ কলকাতালৈ চলাচল কৰিব ।

ভদ্ৰকৰ পৰা দুপৰীয়া ১ বজাত এখন বিশেষ ৰে'ল আৰম্ভ হ'ব আৰু চেন্নাইলৈ যাব (Special train from Bhadrak)। চিটিচি, বিবিএছআৰ আৰু পথৰ সকলো মুখ্য স্থানত ৰে'লনৰ ষ্টপেজ থাকিব । প্ৰয়োজন হ'লে মৃতদেহ লৈ যোৱাৰ বাবে ৰে'লখনত এটা পাৰ্চেল ভেন সংলগ্ন কৰা হ'ব বুলিও জনোৱা হৈছে । আবদ্ধ যাত্ৰী আৰু আত্মীয়সকলে এই ৰে'ল সেৱাৰ সুবিধা লাভ কৰিব পাৰিব ।

ইয়াৰ সমান্তৰালকৈ দুৰ্ঘটনাত আহত লোকসকলৰ চিনাক্তকৰণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱা হৈছে । বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন এই যাত্ৰীসকলৰ তালিকা বিভিন্ন ৱেবছাইটত আপলোড কৰা হৈছে । ৱেবছাইটসমূহ হৈছে https://srcodisha.nic.in, https://bmc.gov.in আৰু https://osdma.org । আনহাতে মৃতদেহবোৰ চিনাক্তকৰণৰ বাবে এই ৱেবছাইটত মৃতদেহৰ ফটো আপলোড কৰা হৈছে ।

ইফালে ভুৱনেশ্বৰস্থিত পৌৰ আয়ুক্তৰ কাৰ্যালয়ে এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে । নিয়ন্ত্ৰণ কক্ষৰ পৰাই যাত্ৰীসকলক চিকিৎসালয় বা আত্মীয়ক মৰ্গলৈ লৈ যোৱাৰ ক্ষেত্ৰত যিকোনো নিৰ্দেশ দিয়া হ'ব ।

আনহাতে বিএমচি হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে । হেল্পলাইন নম্বৰ হৈছে ১৯২৯ । আনহাতে সকলো প্ৰৱেশ পথত হেল্প ডেস্ক স্থাপন কৰা হৈছে । কটক ৰেল ষ্টেচন, বুষ্টেণ্ড আৰু এছচিবি চিকিৎসা মহাবিদ্যালয়ত হেল্প ডেস্ক স্থাপন কৰা হৈছে । ভুৱনেশ্বৰ ৰেল ষ্টেচন, বাৰামুণ্ডা বাছ ষ্টেণ্ড আৰু বিমান বন্দৰতো স্থাপন কৰা হৈছে ।

লগতে পঢ়ক :Balasore train accident : ভুৱনেশ্বৰলৈ ৰাওনা এইমছৰ বিশেষজ্ঞ চিকিৎসকৰ দল

ABOUT THE AUTHOR

...view details