নেশ্যনেল ডেস্ক, ৩০ জুন :বিভিন্ন সময়ত অদ্ভুত প্ৰতিভাৰ বাবে বিশ্বস্তৰত স্থান পাবলৈ সক্ষম হৈছে ভাৰতৰ শিশুৰ লগতে যুৱক-যুৱতীসকল । ঠিক তেনেদৰে এইবাৰ এইগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীৰ প্ৰতিভাই আচৰিত কৰি তুলিছে সকলোকে । অলৌকিক যেন লাগিলেও চতুৰ্থমানৰ কণমানি শিক্ষাৰ্থী গৰাকীয়ে ৬০ টাকৈ ম'বাইল এপলিকেশ্যন প্ৰস্তুত (Developed) কৰিছে । পখিলা খেদা বয়সত এগৰাকী কণমানিৰ এনে প্ৰতিভা দেখি এতিয়া হতবাক দেশবাসী ।
উল্লেখ্য যে, লকডাউনৰ সময়ত বহুতে সামাজিক মাধ্যম ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ নতুন কথা শিকিবলৈ সক্ষম হৈছে । বহুতে আকৌ কোনো সামগ্ৰী নিৰ্মাণ কৰা বা হস্ত বিদ্যাৰ বহু কৌশল আয়ত্ব কৰিছে ইউ টিউবৰ জৰিয়তে । কিন্তু কেৰালাৰ কণমানি ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে তেওঁক বিশেষ প্ৰশিক্ষণ লোৱাৰ বাবে গুৰুত্ব আৰোপ কৰিছিল । ইউ টিউবৰ জৰিয়তে তেওঁক কোডিং(Coding) আৰু ম'বাইল এপ্লিকেশ্বনৰ (mobile applications) প্ৰশিক্ষণ দিয়া হৈছিল ।
মালাপ্পুৰম জিলাৰ ঈশালে ৱেৱছাইট বিকাশ কৰাৰ লগতে যেতিয়া তেওঁৰ ভাই-ভনীসকলে গেম খেলিবলৈ নতুন ম'বাইল এপ্লিকেশ্যন বিচাৰে তেতিয়া ঈশালে কোড কৰিবলৈ আগ্ৰহী হয় । ঈশালে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ভাই-ভনীসকলে যেতিয়া নতুন এপ্লিকেশ্যন বনোৱাৰ বাবে কয় তেতিয়া নিজৰ ধাৰণাৰে তেওঁ কাম কৰিবলৈ আৰম্ভ কৰে । তেওঁ যেতিয়া এপ্লিকেশ্যনটো তৈয়াৰ কৰে তেতিয়া তেওঁলোক যথেষ্ট সুখী হয় । আনহাতে কলাৰ প্ৰতি তেওঁ যথেষ্ট আগ্ৰহী, যাৰ বাবে এপ্লিকেশ্যনৰ মাধ্যমেৰে ডিজিটেল ছবি অংকন কৰাৰ বাবেও তেওঁ কাম কৰিছে ।