অসম

assam

By

Published : Feb 14, 2023, 2:26 PM IST

ETV Bharat / bharat

Pulwama attack anniversary : পুলৱামাৰ শ্বহীদসকলৰ স্মৃতিত স্মৃতিচাৰণ অনুষ্ঠান

আজি পুলৱামাৰ ঘটনাই সম্পূৰ্ণ কৰিলে চাৰি বছৰ (Fourth death anniversary of Pulwama martyr)৷ এই উপলক্ষে আয়োজিত স্মৃতিচাৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব CRPF ৰ আই জিয়ে ।

Pulwama attack anniversary
পুলৱামাৰ শ্বহীদসকলৰ স্মৃতিত স্মৃতিচাৰণ অনুষ্ঠান

নেশ্যনেল ডেস্ক, 14 ফেব্ৰুৱাৰী :2019 বৰ্ষৰ আজিৰ দিনটোতেই সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হৈছিল সেনা জোৱান ৷ কাশ্মীৰৰ পুলৱামা জিলাৰ লেথপোৰা অঞ্চলত সংঘটিত হৈছিল এই হৃদয়বিদাৰক ঘটনাটো ৷ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ CRPF য়ে Central Reserve Police Force (CRPF) 2019 চনৰ পুলৱামা আক্ৰমণত নিহত ৪০ জনকৈ চি আৰ পি এফ জোৱানৰ চতুৰ্থ বৰ্ষপূৰ্তিত তথা সৰ্বোচ্চ বলিদানৰ স্মৃতিত আয়োজন কৰিছে স্মৃতিচাৰণ অনুষ্ঠানৰ । জোৱানসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি চি আৰ পি এফে এক বিশেষ ৰক্তদান শিবিৰৰো আয়োজন কৰিছে (blood donation camp in honor of the fallen soldiers) ।

চৰকাৰী সূত্ৰই ইটিভি ভাৰতক জানিবলৈ দিয়া অনুসৰি, চাৰি বছৰ পূৰ্বে এই আক্ৰমণ সংঘটিত হৈছিল দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ লেথপোৰা অঞ্চলত ৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত চিআৰপিএফৰ আইজিয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব । অনুষ্ঠানৰ পূৰ্বে চি আৰ পি এফে আক্ৰমণত নিহত জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (Pulwama attack)। চি আৰ পি এফৰ এগৰাকী মুখপাত্ৰই এক বিবৃতি যোগে ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীৰ দিনা পুলৱামাত জীৱন ত্যাগ কৰা দেশৰ যোদ্ধাসকললৈ প্ৰণাম জনোৱাৰ লগতে শ্বহীদ পৰিয়ালৰ প্ৰতি চিৰদিনলৈ ঋণী হৈ থাকিব বুলি উল্লেখ কৰে (Pulwama attack anniversary)।

শ্বহীদ পৰিয়াল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নিহত জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । এক টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে বীৰ জোৱানসকলক স্মৰণ কৰি তেওঁলোকৰ পৰম ত্যাগক দেশে কেতিয়াও পাহৰিব নোৱাৰে বুলি উল্লেখ কৰে ৷ তেওঁলোকৰ সাহসে দেশবাসীক শক্তিশালী আৰু উন্নত ভাৰত গঢ়িবলৈ প্ৰেৰণা যোগায় যাব বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে (PM Narendra Modi) ।

শ্বহীদ পৰিয়াল

লগতে গৃহমন্ত্ৰী অমিত শ্বাহেও পতিত জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি টুইট কৰে । ‘২০১৯ চনৰ আজিৰ দিনটোতে পুলৱামাত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ আহুতি দিয়া সাহসী জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জনাইছো । দেশে কেতিয়াও নাপাহৰে সেইসকল বীৰ জোৱানৰ ত্যাগ । তেওঁলোকৰ সাহস আৰু অদম্য সাহস সন্ত্ৰাসবাদবিৰোধী যুঁজত সদায় প্ৰেৰণা হৈ থাকিব বুলি টুইটটোত উল্লেখ কৰে (Home minister Amit Shah)’ ৷

শ্বহীদ পৰিয়াল

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও নিহত জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ বীৰ শ্বহীদ সকললৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জনায় ভাৰতে বীৰ শ্বহীদসকলৰ পৰম ত্যাগক সদায় মনত ৰাখিব বুলি কংগ্ৰেছ নেতাগৰাকীয়ে উল্লেখ কৰে ৷

শ্বহীদ পৰিয়াল

উল্লেখনীয় যে চাৰি বছৰ পূৰ্বে জম্মু-শ্ৰীনগৰ ঘাইপথত এজন আত্মঘাতী আক্ৰমণকাৰীয়ে বিস্ফোৰক ভৰ্তি এখন গাড়ী চি আৰ পি এফৰ বাহনেৰে খুন্দা মৰাৰ ফলত ৪০ জনকৈ চি আৰ পি এফ জোৱান নিহত হৈছিল । এই আক্ৰমণত আন কেইবাজনো জোৱান গুৰুতৰভাৱে আহত হয় ।

লগতে পঢ়ক :Bura Chapori Eviction: তেজপুৰৰ বুঢ়া চাপৰিত শান্তিপূৰ্ণভাৱে অব্যাহত আছে উচ্ছেদ অভিযান

ABOUT THE AUTHOR

...view details