নেশ্যনেল ডেস্ক, 26 মে’ :পৰ্যটকৰ দুৰ্দশা ৷ তাজমহলৰ শ্বাহী মছজিদত নামাজ পঢ়ি ৰঙাঘৰৰ আলহী হ'ল হায়দৰাবাদৰ চাৰি পৰ্যটক ৷ ঘটনা অনুসৰি, বুধবাৰে হায়দৰাবাদৰ পৰা চাৰিজন যুৱকে তাজমহল চাবলৈ আহিছিল ৷ এই সময়ছোৱাতেই তেওঁলোকে সন্ধিয়া তাজমহলৰ চৌহদত অৱস্থিত শ্বাহী মছজিদত নামাজ পঢ়িবলৈ প্ৰৱেশ কৰে (Namaz in taj mahal) ৷
লগে লগে চাৰি পৰ্যটকক মছজিদটোত নিয়োজিত চিআইএছএফ কৰ্মীয়ে আটক কৰে । চিআইএছএফৰ অভিযোগৰ ওপৰত ভিত্তি কৰি তাজগঞ্জ আৰক্ষীয়ে চাৰি পৰ্যটকক আটক কৰি আৰক্ষী চকীলৈ লৈ যায় ৷ ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)ৰ অধীক্ষক পুৰাতত্ত্ববিদ ৰাজকুমাৰ পেটেলে কয় যে, শুকুৰবাৰেহে তাজমহলৰ শ্বাহী মছজিদ(Shahi Masjid of Taj Mahal)ত প্ৰাৰ্থনা কৰা হয় ।