নেশ্যনেল ডেস্ক, 31 জুলাই :মহাৰাষ্ট্ৰতচাঞ্চল্যকৰ ঘটনা ৷ জয়পুৰৰ পৰা মুম্বাই অভিমুখী ৰেলত থকা মহাৰাষ্ট্ৰৰ 4 জন লোকক গুলীয়াই হত্যা কৰে ৰেলৱে সুৰক্ষা বাহিনীৰ এজন জোৱানে ৷ এই খবৰ পোহৰলৈ অহাৰ পিচতে দেশজুৰি চাঞ্চল্য লাভ কৰা পৰিলক্ষিত হৈছে ৷
31 জুলাইৰ পুৱা প্ৰায় পাঁচ বজাত এই ঘটনা সংঘটিত হয় বুলি জানিবলৈ পৰা গৈছে । পালঘৰ জিলাৰ সমীপত জয়পুৰৰ পৰা মুম্বাই অভিমুখী এখন চলন্ত ৰে’লত থকা এজন সহকাৰী উপ-পৰিদৰ্শক (এ এছ আই)কে ধৰি চাৰিজন লোকক ৰে’ল সুৰক্ষা বাহিনীৰ এজন কনিষ্টবলে গুলীয়াই হত্যা কৰে বুলি জানিবলৈ পৰা গৈছে । ৰে’ল সুৰক্ষা বাহিনীৰ কনিষ্টবলজন চেতন কুমাৰ বুলি জানিব পৰা গৈছে ।
ঘটনা সংঘটিত কৰি জোৱানজনে দহিছা ষ্টেচনৰ ওচৰত ৰেলৰ পৰা জপিয়াই দিয়ে বুলি জানিবলৈ পৰা গৈছে । গুজৰাটৰ পৰা পালঘৰত প্ৰৱেশ কৰাৰ সময়তে গুলীচালনাৰ ঘটনা সংঘটিত হয় । গুলীচালনাত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে একাংশ যাত্ৰী আহত হৈছে বুলি প্ৰথমিক তথ্যত পোহৰলৈ আহিছে । জি আৰ পি আৰক্ষী আৰু আৰ পি এফ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । গুলীচালনাৰ পিছতে এক্সপ্ৰেছখন মীৰা-ৰোড দহিছাৰত ৰখাই দিয়া হয় ।