নেশ্যনেল ডেস্ক, 7 জুলাই: ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাজ্যসভালৈ মনোনীত কৰিছে চাৰিগৰাকী বিশিষ্ট ব্যাক্তিক (President Ram Nath Kovind nominated four persons to rajya sabha)৷ দৌৰবিদ পি টি উষা, প্ৰখ্য়াত সংগীতজ্ঞ ইলাইয়াৰাজাকে ধৰি চাৰিগৰাকী ব্যক্তিক ৰাজ্যসভালৈ মনোনীত কৰিছে ৰাষ্ট্ৰপতিয়ে (Four persons including PT Usha, Ilaiaraja nominated to rajya sabha)। বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি প্ৰকাশ কৰে এই তথ্য । প্ৰধানমন্ত্ৰী মোদীয়ে সুকীয়াকৈ টুইট কৰি ৰাজ্যসভালৈ মনোনীত চাৰিওজনে অভিনন্দন জনায় ।
প্ৰাক্তন খেলুৱৈ পি টি উষাক (Former player PT Usha) টেগ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰ যোগে কয়, পিটি উষা প্ৰতিজন ভাৰতীয়ৰ বাবে এক প্ৰেৰণা ৷ ক্ৰীড়াৰ ক্ষেত্ৰত তেওঁৰ কৃতিত্বসমূহ যেনেদৰে বহুলভাৱে পৰিচিত, ঠিক একেদৰে বছৰ বছৰ ধৰি উদীয়মান খেলুৱৈসকলক পথ প্ৰদৰ্শন কৰা তেওঁৰ কামো সমানেই প্ৰশংসনীয় বুলি উল্লেখ কৰি ৰাজ্যসভালৈ মনোনীত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে ।
একেদৰে বিখ্যাত সংগীতজ্ঞ ইলাইয়াৰাজাক (Famous musician Ilaiaraja)ৰাজ্যসভালৈ মনোনীত কৰাত প্ৰধানমন্ত্ৰী মোদীয়ে আনন্দ প্ৰকাশ কৰি টুইটাৰযোগে ইলাইয়াৰাজাৰ সৃষ্টিশীল প্ৰতিভাত বহুতো আৱেগ সুন্দৰকৈ চিত্ৰিত কৰি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মানুহক মন্ত্ৰমুগ্ধ কৰি আহিছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷