নিউজ ডেস্ক, ৮ জানুৱাৰী: উত্তৰ প্ৰদেশৰ বুলন্দচহৰ জিলাৰ চিকান্দাৰবাদৰ জিতগাড়ী গাঁৱত বৃহস্পতিবাৰে নিশা বিষাক্ত চুলাই সেৱন কৰাৰ ফলত মৃত্যু হয় চাৰিজনৰ আৰু গুৰুত্বৰ অৱস্থাত চিকিৎসাধীন পাঁচজন । ঘটনা সন্দৰ্ভত বুলন্দচহৰৰ জেষ্ঠ্য আৰক্ষী অধীক্ষকে ভাৰপ্ৰাপ্ত আৰক্ষীসহ তিনিগৰাকী জোৱানক নিলন্বন কৰে । কিয়নো গাঁওখনত দীৰ্ঘদিনৰে পৰা অবৈধ চুলাই মদৰ ঘাটি চলি অহাত আৰক্ষীৰ নিস্ক্ৰীয় ভূমিকা পৰলক্ষিত হয় । যাৰবাবে তিনিগৰাকী আৰক্ষীক নিলন্বন কৰে ।
জানিব পৰা অনুসৰি, গাঁওখনৰ লোককেইজনে বিষাক্ত চুলাই সেৱন কৰি ঘৰলৈ যোৱাৰ ঠিক ২-৩ ঘন্টাৰ পাচত বমি কৰিবলৈ আৰম্ভ কৰে । পৰৱৰ্তী সময়ত গুৰুত্বৰভাৱে অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও ইয়াৰে সতীশ (৩৫), কালুৱা (৪০), ৰঞ্জিত (৪০) আৰু সুখপাল (৬০) ৰ মৃত্যু হয় ।
ইফালে বাকী কেইগৰাকী লোকৰ অৱস্থাও অতি গুৰুত্বৰ হোৱাত সম্প্ৰতি আটাইকে কৰা হৈছে চিকিৎসালয়ত ভৰ্তি ।