নেশ্যনেল ডেস্ক, 26 ছেপ্টেম্বৰ :পাকিস্তানত নিষিদ্ধ ঘোষিত Baloch Liberation armyৰ আক্ৰমণত পাকিস্তানৰ ফ্ৰণ্টিয়াৰ কৰ্প(Pakistan's Frontier Corps)ৰ চাৰিজনকৈ জোৱান নিহত হোৱাৰ বিপৰীতে দুজন সৈনিক আঘাতপ্ৰাপ্ত হৈছে ৷ বেলুচিস্তান প্ৰদেশ(Balochistan province)ৰ হাৰনাই জিলা(Harnai district) অভিমুখী সেনাৰ বাহনখনক লক্ষ্য কৰি সংঘটিত বোমা বিস্ফোৰণত জোৱান কেইজন নিহত হয় ৷
প্ৰাপ্ত খবৰ অনুসৰি, পাকিস্তানত নিষিদ্ধ ঘোষিত Baloch Liberation armyয়ে শনিবাৰে সংঘটিত এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে ৷ সফৰ বাচ অঞ্চলত কৰ্তব্যৰত অৱস্থাত থকাৰ সময়তে Frontier Corpsৰ সেনাকেইজনক আইইডি( Improvised Explosive Device)ৰে আক্ৰমণ কৰা হৈছিল ৷