অসম

assam

ETV Bharat / bharat

অউফ আব্দুল ৰহমান হত্য়াকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ - DYFI

মুছলীম যুৱ লীগৰ কাৰ্যকৰ্তা ঈৰ্চাদক গ্ৰেপ্তাৰৰ পিছতে আন তিনি অভিযুক্তৰ নাম পোহৰলৈ আহে । আৰক্ষীয়ে অউফ আব্দুল ৰহমান হত্য়াকাণ্ডৰ আন তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত লৈছে । আৰক্ষীৰ মতে দুই পক্ষৰ মাজত হোৱা সংঘৰ্ষৰ পৰিণতি এয়া ।

অফ আব্দুল ৰহমান হত্য়াকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ
অফ আব্দুল ৰহমান হত্য়াকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

By

Published : Dec 25, 2020, 7:31 PM IST

নেশ্য়নেল ডেস্ক , ২৫ ডিচেম্বৰ :DYFI ৰ কাৰ্যকৰ্তা অউফ আব্দুল ৰহমান হত্য়াকাণ্ডৰ মূল অভিযুক্তক শুকুৰবাৰে কাচাৰাগোড অঞ্চলত কেৰালা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । এই হত্য়াকাণ্ডৰ লগত জড়িত ৪ জন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত লয় ।

অভিযুক্ত কেইজন ক্ৰমে এম এছ এফ কাহ্নানগড় নগৰ পালিকাৰ অধ্য়ক্ষ হাছান, মুছলীম যুৱ লীগৰ কাৰ্যকৰ্তা আশীৰ, ঈচ্চাক আৰু ঈৰ্চাদ বুলি চিনাক্ত কৰা হৈছে । বৃহস্পতিবাৰে ঈচ্চাক আৰু ঈৰ্চাদক গ্ৰেপ্তাৰ কৰিছিল আৰু শুকুৰবাৰে অউফ আব্দুল ৰহমান হত্য়াকাণ্ডৰ লগত তেওঁলোক জড়িত আছিল বুলি স্বীকাৰ কৰাৰ লগতে এই ঘটনাৰ লগত জড়িত আন দুজন ক্ৰমে হাছান আৰু আশীৰৰ নাম লয় । আৰক্ষীৰ মতে বুধবাৰে ৰাতি প্ৰায় ১০ মান বজাত বাভা নগৰ পথৰ মুণ্ডাথডোত দুই পক্ষৰ মাজত হোৱা সংঘৰ্ষত অউফ আব্দুল ৰহমানৰ ওপৰত আক্ৰমণ কৰা হৈছিল । পৰৱৰ্তী সময়ত এই সংঘৰ্ষই হিংসাত্মক ৰূপ লয় আৰু ঈৰ্চাদসহ মুছলীম যুৱ লীগৰ অন্য় সদস্য়ৰ হাতত নিহত হৈছিল অউফ আব্দুল ৰহমান ।

জিলা আৰক্ষী অধীক্ষক ডি শিল্পাই ঘটনাস্থান পৰ্যবেক্ষণ কৰি সংবাদ মাধ্য়মক এয়া দুই পক্ষৰ মাজত হোৱা সংঘৰ্ষ বুলি মন্তব্য় কৰে । মুছলীম লীগৰ প্ৰাৰ্থীয়ে এল এছ জি নিৰ্বাচনত পৰাজয় হোৱাকলৈ এই সংঘৰ্ষ হোৱা বুলি আশংকা কৰা হৈছে ।

ঘটনাৰ পিছতে ডগ স্কোৱাডৰ বিশেষজ্ঞ দল উপস্থিত হৈছিল ঘটনাস্থলীত । ঘটনাস্থলীত উদ্ধাৰ হোৱা তেজ লাগি থকা এডাল লোৰ গোন্ধ লৈ ডগ স্কোৱাডৰ দলটো ওচৰৰে এটা মছজিদৰ কাষ পাইছিল য'ত তেজেৰে লুতুৰী পুতুৰী হৈ পৰি আছিল অউফ আব্দুল ৰহমান । অউফ আব্দুল ৰহমানৰ মৃতদেহ উদ্ধাৰৰ পিছতে ওচৰৰ এখন হাস্পতালত মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰা হয় আৰু দোষীক কৰায়ত্ব কৰিবলৈ তদন্ত আৰম্ভ কৰে । ঘটনাৰ তদন্তত আৰক্ষীয়ে ৪ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰু দোষ স্বীকাৰ কৰা পিছতে দোষীক নিজৰ জিম্মাত লৈ পৰৱৰ্তী তদন্ত আৰম্ভ কৰে ।

লগতে পঢ়ক :মুখ্য়মন্ত্ৰী য়েডিয়ুৰাপ্পাৰ পদত্য়াগৰ দাবী বিৰোধী নেতা সিদ্ধাৰামাইয়াৰ

ABOUT THE AUTHOR

...view details