নেশ্যনেল ডেস্ক, 28 জুলাই:বেংগালুৰুৰ মহীশূৰত শোকাৱহ ঘটনা ৷একেটা পৰিয়ালৰ চাৰিজনকৈ সদস্যৰ মৃতদেহ উদ্ধাৰ হৈছে বেংগালুৰুৰ মহীশূৰত ৷ মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে মহীশূৰ চহৰৰ চামুণ্ডি পুৰম কলনীত । উঁৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহকেইটা ।
মৃতদেহ উদ্ধাৰ হোৱা লোককেইজন হ’ল মহাদেৱ স্বামী (48), পত্নী অনিতা (35), 17 আৰু 15 বছৰীয়া দুই কন্যা ৷ মহানগৰীখনৰ চামুণ্ডীপুৰস্থিত নিজৰ ঘৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় আটাইকেইজন লোকৰ মৃতদেহ । প্ৰাথমিকভাৱে সমগ্ৰ ঘটনাটোক আত্মহত্যা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, মহাদেৱ স্বামীৰ মৃতদেহ ঘৰটোৰ হলঘৰত উদ্ধাৰ হোৱাৰ বিপৰীতে পত্নী অনিতাৰ মৃতদেহ এখন চকীত উদ্ধাৰ কৰা হয় ৷ ইয়াৰ বিপৰীতে ডাঙৰ কন্যাৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ লগতে কনিষ্ঠ কন্যাৰ মৃতদেহ কোঠাটোত উদ্ধাৰ কৰে ।