অসম

assam

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 8:59 AM IST

ETV Bharat / bharat

Tragic death of four workers: গুজৰাটী নৱবৰ্ষৰ দিনাই শ্বাসৰুদ্ধ হৈ মৃত্যু 4 শ্ৰমিকৰ

টেংকি চাফা কৰিবলৈ আহি অকালতে প্ৰাণ হেৰুৱালে 4 জনকৈ শ্ৰমিকে ৷ শ্বাসৰুদ্ধ হৈ বেদনাদায়ক মৃত্যু ঘটে শ্ৰমিকৰ ৷ চুৰাটৰ পালছানাৰ এটা মিলত সংঘটিত হৈছে এই ঘটনা ৷ গুজৰাটী নৱবৰ্ষৰ দিনাই সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো ৷

Tragic death of four workers
নৱবৰ্ষৰ দিনাই শ্বাসৰুদ্ধ হৈ মৃত্যু 4 শ্ৰমিকৰ

নেশ্যনেল ডেস্ক, 15 নৱেম্বৰ:গুজৰাটৰ চুৰাট জিলাৰ পালছানা তালুকত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা । পালচনাৰ বালেশ্বৰ গাঁৱৰ সমীপৰ এটা কাৰখানাৰ টেংকী চাফা কৰিবলৈ অহা চাৰিজন শ্ৰমিক শ্বাসৰুদ্ধ হৈ অচেতন হৈ পৰে । ইয়াৰ পিচতে অগ্নিনিৰ্বাপক বাহিনীয়ে শ্ৰমিককেইজনক টেংকীৰ পৰা উলিয়াই আনে যদিও ইতিমধ্যে মৃত্যু ঘটে শ্ৰমিককেইজনৰ ।

বালেশ্বৰ গাঁৱৰ উপকণ্ঠত অৱস্থিত কিৰণ ইণ্ডাষ্ট্ৰীজ নামৰ মিল এটাত টেংকী চাফা কৰিবলৈ গৈছিল শ্ৰমিককেইজনে ৷ মিলটোৰ 20-25 ফুট তলত দ টেংকিটো অৱস্থিত বুলি জানিব পৰা গৈছে । ঘটনাৰ তথ্য পোৱাৰ লগে লগে বৰডোলী অগ্নিনিৰ্বাপক বাহিনী আৰু কামৰেজ ই আৰ চি অগ্নিনিৰ্বাপক বাহিনীৰ দল ততাতৈয়াকৈ উক্ত স্থানত উপস্থিত হয় । অগ্নিনিৰ্বাপক বাহিনীৰ লোকে দ টেংকীটোৰ ভিতৰলৈ গৈ শ্ৰমিককেইজনক অচেতন অৱস্থাত উদ্ধাৰ কৰি বাহিৰলৈ লৈ আনে । অচেতন শ্ৰমিককেইজনৰ পৰীক্ষাৰ অন্তত চাৰিওজনৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হয় । আৰক্ষীয়ে আকস্মিক মৃত্যুৰ গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

তথ্য অনুসৰি নিহত চাৰিজন হ’ল চেতন গ্যাচিলাল, দীপক সিং নমাশংকৰ, ৰাজেশ লুমছিং বধৈয়া আৰু কমলেশ ৰাজেশ বধৈয়া । মৃতসকলৰ ভিতৰত উভয় ৰাজেশ আৰু কমলেশ সম্বন্ধত পিতৃ-পুত্ৰ বুলি জানিব পৰা গৈছে । পিতৃ-পুত্ৰ কৰুণ মৃত্যুৰ খবৰত মৰ্মাহত হৈ পৰিছে অঞ্চলবাসী ।

উল্লেখ কৰা প্ৰয়োজন যে, 14 নৱেম্বৰৰ দিনটো গুজৰাটী লোকসকলৰ বাবে এটি বিশেষ দিন ৷ কাৰণ এইদিনটোৰ পৰাই আৰম্ভ হয় তেওঁলোকৰ নবৱৰ্ষ ৷ বছৰৰ প্ৰথম দিনটোতেই সংঘটিত হোৱা এই মৰ্মান্তিক ঘটনাটোৱে সংশ্লিষ্ট এলেকাটোত গভীৰ শোকৰ ছাঁ পেলোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:Sahara Group chief death : বিশিষ্ট উদ্যোগপতি তথা ছাহাৰা গ্ৰুপৰ প্ৰতিষ্ঠাপক সুব্ৰত ৰয়ৰ দেহাৱসান

ABOUT THE AUTHOR

...view details