অসম

assam

ETV Bharat / bharat

Mizoram quarry collapse : ৪ জন লোক এতিয়াও সন্ধানহীন

মিজোৰামৰ হনাথিয়াল জিলাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা (Rock quarry collapsed in Mizoram) । শিলৰ কুঁৱেৰী খহি পৰাৰ ফলত কেইবাজনো শ্ৰমিকৰ মৃত্যু । এতিয়াও সন্ধানহীন হৈ আছে ৪ জন লোক । উক্ত ৪ জনৰ ভিতৰত আছে অসম আৰু মিজোৰামৰ লোক ।

Mizoram
৪ জন লোক এতিয়াও সন্ধানহীন

By

Published : Nov 15, 2022, 4:19 PM IST

নেশ্যনেল ডেস্ক,১৫ নৱেম্বৰ :মিজোৰামৰ শিলৰ কুঁৱেৰীৰ দুৰ্ঘটনাক লৈ সমগ্ৰ দেশতে শোকৰ ছাঁ পৰিছে (Rock quarry collapsed in Mizoram)। ঘটনা সংঘটিত হোৱাৰ ২৪ ঘণ্টাৰ পাছতো সন্ধানহীন হৈ আছে ৪ জন লোক (Four individuals yet to be traced after 24 hrs)। ৰাজ্যখনৰ হনাথিয়াল জিলাৰ মৌদাৰহ গাঁৱত খহি পৰা কুঁৱেৰীৰ তলত আৱদ্ধ হৈ পৰিছিল ১২ জনকৈ লোক (Workers missing after a rock quarry collapsed)। পৰৱৰ্তী সময়ত সেই স্থানৰ পৰা ৮ টা মৃতদেহ উদ্ধাৰ কৰা হৈছিল ।

জিলা প্ৰশাসনে আগবঢ়োৱা শেহতীয়া প্ৰতিবেদন অনুসৰি এতিয়ালৈকে উদ্ধাৰ হোৱা ৮ জন মৃতকৰ ভিতৰত ৫ জন পশ্চিমবংগৰ, ২ জন ঝাৰখণ্ডৰ আৰু এজন অসমৰ । প্ৰশাসনে জনোৱা মতে এতিয়াও সন্ধানহীন হৈ আছে ৪ জন লোক । উক্ত ৪ জনৰ ভিতৰত আছে অসম আৰু মিজোৰামৰ লোক ।

অৱশ্যে তেওঁলোকক বিচাৰি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে প্ৰশাসনে । উদ্ধাৰ হোৱা মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ নিজ নিজ গৃহ ৰাজ্যলৈ প্ৰেৰণ কৰা হ'ব বুলি প্ৰশাসনে জনাইছে ।

উল্লেখ্য যে সোমবাৰে দিনৰ প্ৰায় ২.৪৫ মান বজাত সংঘটিত হৈছিল দুৰ্ঘটনাটো । ৰাজ্যখনৰ হানথিয়াল জিলাৰ মৌদাৰহস্থিত এটা ব্যক্তিগত কোম্পানীয়ে নূন্যতম সাৱধানতা অৱলম্বন নকৰাকৈয়ে চলাই আহিছিল এটা শিলৰ কুঁৱেৰী ৷ আন দিনাৰ দৰে সোমবাৰেও শ্ৰমিকসকলে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতিৰ পৰা উভতি আহি প্ৰৱেশ কৰিছিল তলত গুহা সদৃশ হৈ পৰা কুঁৱেৰীত (Landslide in Mizoram) ৷ শ্ৰমিকসকল কুঁৱেৰীত সোমোৱাৰ লগে লগে শিলৰ কুঁৱেৰীটো পাহাৰৰ অংশসহ তলৰ গুহাত সোমাই পৰে । লগে লগে তাত কৰ্মৰত শ্ৰমিক সহ ৫ খন এক্সাভেটৰৰ লগতে অনান্য ড্ৰিলিং মেচিন মাটিত পোত যায় ৷

লগতে পঢ়ক :Rock quarry collapsed in Mizoram: মিজোৰামত শিলৰ পাহাৰ খহি পোত যোৱা 10 শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details