অসম

assam

By

Published : Apr 29, 2021, 1:17 PM IST

ETV Bharat / bharat

ৰাজস্থানৰ পথ দুৰ্ঘটনাত শিশুসহ চাৰিজনৰ মৃত্যু

যোধপুৰ বাৰমেৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত পথ দুৰ্ঘটনাত চাৰিজনৰ মৃত্যু । এই দুৰ্ঘটনাত ৪ বছৰৰ পৰা ১০ বছৰ বয়সৰ তিনিটা শিশু আৰু তেওঁলোকৰ পিতৃয়ে প্ৰাণ হেৰুৱায় ।

ৰাজস্থানৰ পথ দুৰ্ঘটনাত শিশুসহ চাৰিজনৰ মৃত্যু
ৰাজস্থানৰ পথ দুৰ্ঘটনাত শিশুসহ চাৰিজনৰ মৃত্যু

নেশ্যনেল ডেস্ক,২৯ এপ্ৰিল: বুধবাৰে নিশা যোধপুৰ বাৰমেৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নৰনদী-ভাণ্ডু অঞ্চলত সংঘটিত হয় এক পথ দুৰ্ঘটনা । নিমিষতে প্ৰাণ হেৰুৱায় তিনিটা শিশুসহ চাৰিজন লোকে । এখন চাৰিচকীয়া বাহন আৰু এখন ট্ৰেইলাৰ ট্ৰাকৰ মুখামুখি সংৰ্ষৰ ফলতেই সংঘটিত হয় এই পথ দুৰ্ঘটনাতো । ফলত দুৰ্ঘটনাস্থলীতে নিহত হয় দুটাকৈ শিশু আনহাতে চিকিৎসালয়ত নিহত হয় আন দুজন ।

দুৰ্ঘটনাস্থলীত নিহত তিনিটা শিশু ক্ৰমে ৪-৫ বছৰীয়া বুলি জানিব পৰা গৈছে । আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পিতৃ-পুত্ৰই চিকিৎসালয়ত প্ৰাণ হেৰুৱায় ৷ দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাচতে দুৰ্ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ ইতিমধ্যে মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে ।

লগতে পঢ়ক: জিলা দণ্ডাধীশৰ নিলম্বনৰ দাবীৰে প্ৰতিবাদত বহিল ত্ৰিপুৰাৰ বিধায়ক

ABOUT THE AUTHOR

...view details