অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাত বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰীৰ সৈতে চাৰিজনক আটক - 2100 ইয়াবা টেবলেট জব্দ

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে বৃহৎ সাফল্য ত্ৰিপুৰা আৰক্ষীৰ(Anti drugs oparation of Tripura Police) ৷ ৰাজ্যখনৰ তিনি পৃথক স্থানত শনিবাৰ-দেওবাৰে চলিল অভিযান ৷ আৰক্ষীয়ে এই অভিযানৰ সময়তে আটক কৰে চাৰিজনকৈ লোকক(Four held with huge cache of contraband items in Tripura) ৷

four-held-with-huge-cache-of-contraband-items-in-tripura
নিষিদ্ধ সামগ্ৰীৰ সৈতে চাৰিজনক আটক

By

Published : May 23, 2022, 1:41 PM IST

আগৰতলা, 23 মে’: ত্ৰিপুৰাক নিচামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ প্ৰয়াস আৰক্ষীৰ ৷ সেয়ে ৰাজ্যখনৰ তিনি পৃথক স্থানত শনিবাৰ-দেওবাৰে চলিল অভিযান ৷ আৰক্ষীয়ে এই অভিযানৰ সময়তে আটক কৰে চাৰিজনকৈ লোকক(Four held with huge cache of contraband items in Tripura) ৷ ক’ব গ’লে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে দেওবাৰে বৃহৎ সফলতা লাভ কৰে ত্ৰিপুৰা আৰক্ষীয়ে ৷

প্ৰাপ্ত তথ্য অনুসৰি, উত্তৰ ত্ৰিপুৰা জিলা আৰক্ষীয়ে শনিবাৰে মাজনিশা প্ৰায় 1 বজাত চুড়াইবাৰী থানাৰ সন্মুখত 8নং ৰাষ্ট্ৰীয় ঘাইপথত চলাই তালাচী অভিযান ৷ এই অভিযানতে ধৰ্মনগৰ মহকুমা আৰক্ষী বিষয়া, চুড়াইবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু আৰক্ষীৰ এটা দলে ড্ৰাগছ কঢ়িয়াই অনা এখন পঞ্জীয়নবিহীন ট্ৰাক জব্দ কৰে ৷

এই বাহনখনত তালাচী চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় 350 কিল’গ্ৰাম শুকান গাঞ্জা জব্দ(Dry cannabis seized in Tripura) কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে পঞ্জাৱৰ সন্দীপ সিং(49) আৰু বিহাৰৰ বিকাশ কুমাৰ(20) নামৰ ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰে ৷ আৰক্ষীয়ে দুয়োগৰাকীৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত ৷

লগতে চাওক:Cough syrup seized in Manipur : মণিপুৰত 8812 টাকৈ কফ চিৰাপৰ বটল জব্দ

আনহাতে, দেওবাৰে দিনৰ প্ৰায় 12.30 বজাত বিশলগড় থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ নেতৃত্বাধীন আৰক্ষীৰ এটা দলে ৰণগাপানিয়াৰ আইনাল হোছেইন (৪৭) নামৰ এগৰাকী ব্যক্তিৰ ঘৰত অভিযান চলায় ৷ আৰক্ষীয়ে ব্যক্তিগৰাকীৰ ঘৰৰ পৰা জব্দ কৰে 35 কিল’গ্ৰাম শুকান গাঞ্জা ৷ ইতিমধ্যে আৰক্ষীয়ে ব্যক্তিগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে অনুসন্ধান ৷

ত্ৰিপুৰা আৰক্ষীৰ বৃহৎ সাফল্য

ইফালে, একেটা দিনতে পুৱা প্ৰায় 6,15 বজাত সোণামূৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ সৈতে আৰক্ষীৰ এটা দল উপস্থিত হয় বিশালগড় উপ সংমণ্ডৰ অধীনষ্ঠ চেপাহিজালা জিলাৰ এখন বিপণীত ৷ জানিব পৰা মতে, গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিতে আৰক্ষীৰ দলটোৱে উপস্থিত হৈছিল চাইকত মজুমদাৰ (৩২) নামৰ এজন ব্যক্তিৰ মধুবন নামৰ বিপণীখনত ৷

বিপণীখনৰ পৰা অভিযানকাৰী দলটোৱে জব্দ কৰে প্ৰায় 2100 ইয়াবা টেবলেট(Yaba tablet seized in Tripura) ৷ ঘটনা সন্দৰ্ভত বিপণীখনৰ স্বত্বাধিকাৰীৰ লগতে আন এজন অভিযুক্ত মোঃ দেলোভাৰ হোছেইন(27) ক আটক কৰি অনুসন্ধান অব্যাহত ৰাখিছে ৷

লগতে চাওক:Muaythai World Championship: আবুধাবিত ভাৰতক প্ৰতিনিধিত্ব কৰিব দুই এথলীটে

ABOUT THE AUTHOR

...view details