আগৰতলা, ১ আগষ্ট : অসম আৰু মিজোৰামৰ সৈতে আন্তঃৰাজ্যিক সীমান্তৰ ত্ৰিপুৰাৰ উত্তৰ জিলাত অৱস্থিত ধৰ্মনগৰৰ দুই স্থানত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান(Tripura Police continues anti-drug campaign) । অভিযানত জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী । লগতে আটক কৰে ৰাজ্যখনৰ দুই স্থানৰ পৰা চাৰিজনকৈ লোকক(4 arrested in Tripura with drugs) ।
আৰক্ষীয়ে জনোৱা অনুসৰি, পুৱাৰভাগত ধৰ্মনগৰ ৰে'ল ষ্টেচনৰ সমীপত নিয়মীয়া তালাচীৰ সময়ত ধৰ্মনগৰৰ উপ-বিভাগীয় আৰক্ষী বিষয়া সৌম্য দেব্বাৰ্মা আৰু ধৰ্মনগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শিবু পাদা দে’সহ আন কেইবাজনো আৰক্ষীয়ে দুজন লোকৰ সন্দেহজনক গতিবিধি লক্ষ্য কৰে । আৰক্ষীক দেখি তেওঁলোকে পলায়নৰ চেষ্টা চলাওতেই আটক কৰে দুয়োজন ব্যক্তিক ।
আটকাধীন ব্যক্তি দুজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ফেঞ্চিদাইলৰ ৩০০ টা কন্টেইনাৰ । আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে বক্সনগৰৰ কেশৱ চন্দ্ৰ দাস আৰু মিজানুৰ ৰহমান বুলি জানিব পৰা গৈছে ।