নেশ্যনেল ডেস্ক, ১৬ মে': ধন দাবীৰ অভিযোগত গ্ৰেপ্তাৰ চাৰি 'ক্লিন-আপ মাৰ্শ্বেল' । ধন দাবী কৰি মুম্বাই আৰক্ষীৰ ৰোষত পৰিল চাৰি 'ক্লিন-আপ মাৰ্শ্বেল' । ঘটনা অনুসৰি, এটা কাৰখানাৰ স্বত্বাধিকাৰীয়ে তেওঁৰ কাৰখানাত ক'ভিড-১৯ সম্পৰ্কীয় নীতি-নিয়মসমূহ অনুসৰণ নকৰাৰ অভিযোগত 'ক্লিন-আপ মাৰ্শ্বেলে' স্বত্বাধিকাৰীজনৰ পৰা ধন দাবী কৰিছিল ৷
ক্লিন-আপ মাৰ্শ্বেলৰ সদস্য অজিত সিং নামৰ লোকজনে যোৱা ২১ এপ্ৰিলত স্বত্বাধিকাৰীজনৰ কাৰখানাত ক'ভিড-১৯ সম্পৰ্কীয় নীতি-নিয়মসমূহ অনুসৰণ নোহোৱাৰ বাবদ তেওঁক নগদ এক লাখ টকা দাবী কৰে । পাচত স্বত্বাধিকাৰীজনে অজিত সিঙক নগদ ২০ হেজাৰ টকা দিয়ে যদিও শুকুৰবাৰে পুনৰ চাৰিজন 'ক্লিন-আপ মাৰ্শ্বেলে' স্বত্বাধিকাৰীজনক সাক্ষাৎ কৰি পুনৰ ধন দাবী কৰে । তেওঁলোকৰ এই কাণ্ডত উপায়ন্তৰ হৈ স্বত্বাধিকাৰীজনে এম আই ডি চি আন্ধেৰী আৰক্ষীৰ কাষ চাপে । আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৮৪ (ধন দাবী)ৰ অধীনত এক এজাহাৰ পঞ্জীয়ন কৰি চাৰিজনক গ্ৰেপ্তাৰ কৰে । অৱশ্যে, এই ঘটনাৰে জড়িত মূল অভিযুক্ত অজিত সিঙক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আন্ধেৰী আৰক্ষী । সম্প্ৰতি আৰক্ষীৰ তীক্ষ্ণ নজৰত আছে অজিত সিং ।